ধন সংগ্ৰহকাৰীৰ দীৰ্ঘ তালিকা

WhatsApp Image 2020 09 30 at 11.27.45 AM

আৰক্ষীৰ এছ আই পদৰ চাকৰিৰ প্ৰত্যাশীৰে জিলাই জিলাই এজেণ্ট নিয়োগ কৰিছিল প্ৰভাৱশালী চক্ৰই ৷প্ৰশ্নকাকত ফাদিল ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছৰে পৰা এসপ্তাহ ধৰি আত্মগোপন কৰাৰ অন্তত আত্মসমৰ্পণ কৰা অন্যতম দালাল কুমুদ গোস্বামীৰ লগতে জলসিঞ্চন বিভাগৰ ধৃত কৰ্মচাৰী যুগনী ব্ৰহ্মই জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰে ।

মহানগৰ আৰক্ষীৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে “প্ৰশ্নকাকত ফাদিলৰ জৰিয়তে উৎকোচৰ বিনিময়ত আৰক্ষী উপপৰিদৰ্শকৰ পদত নিযুক্তি দিয়াৰ নামত টিহুৰ মাখিবাহা নিবাসী গ্ৰামসেৱক কুমুদ গোস্বামীয়ে নলবাৰী জিলাৰ ভালেসংখ্যক নিবনুৱা যুৱক আৰু তেওঁলোকৰ অভিভাৱকৰে যোগাযোগ কৰে ৷”

নলবাৰী জিলাৰ সদৰ আৰক্ষী সদৰ আৰক্ষী থানাত এই সম্পৰ্কত ৰজু হৈ থকা গোচৰত গ্ৰেপ্তাৰ হোৱা “নৱ নিৰ্মাণ ভাৰত”ৰ অন্যতম কাৰ্যকৰ্তা কুলদ্বীপ ৰাজবংশীয়ে জেৰাৰ সময়ত এই কথা স্বীকাৰ কৰাৰ পাছৰে পৰা নলবাৰী আৰক্ষীয়ে গোস্বামীৰ সন্ধানত অভিযান চলায় ৷লগতে মহানগৰ আৰক্ষীৰ অপৰাধ কোষৰ থানাত ৰজু হৈ থকা ১৩/২০২০ নম্বৰ গোচৰত জালত পৰা অন্যতম দালাল তথা আৰক্ষী উপ পৰিদৰ্শক পদৰ প্ৰাৰ্থী কুশল দাসেও ভিনিহিয়েক কুমুদ কলিতা আৰু কুমুদ গোস্বামীয়ে চাকৰিৰ নামত আগধন হিচাপে উৎকোচ গ্ৰহণৰ কথা স্বীকাৰ কৰে ৷

ইয়াৰ পাছতে মহানগৰ আৰক্ষীয়েও আত্মগোপন কৰা কুমুদ কলিতা আৰু কুমুদ গোস্বামীক বিচাৰি নলবাৰী আৰক্ষীৰে যোগাযোগ অব্যাহত ৰখাৰ মাজতে যোৱা নিশা অন্যতম অভিযুক্ত গোস্বামীয়ে নলবাৰী থানাত আত্মসমৰ্পণ কৰে ৷অভিযুক্ত গোস্বামীক মহানগৰ আৰক্ষীয়ে গুৱাহাটীলৈ আনি মহানগৰ আৰক্ষীৰ অপৰাধ কোষ থানাত সংশ্লিষ্ট গোচৰৰ অন্যতম অভিযুক্ত তথা জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যুগনী ব্ৰহ্ম,থেংক ইউ লজৰ অন্যতম স্বতাধিকাৰী প্ৰাঞ্জল শৰ্মা, দালাল কুশল দাসক মুখামুখিকৈ বহুৱাই জেৰা চলায় ৷

উক্ত জেৰাৰ সময়ত দিছপুৰৰ প্ৰভাৱশালী চক্ৰটোৱে জিলাই জিলাই এজেন্ট নিয়োগ কৰাৰ কথা স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জনায় । অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ এছ আই পদৰ চাকৰিৰ দাম ১০ লাখ টকালৈ উঠাৰ কথা ধৃত গোস্বামীয়ে আৰক্ষীৰ আগত জেৰাত স্বীকাৰ কৰে ৷গৰিষ্ঠ সংখ্যকে ডেৰ দুই লাখ টকালৈকে উৎকোচ আদায়ৰ বাবে সন্মতি প্ৰদানৰ কথাও অভিযুক্তজনে জেৰাত স্বীকাৰ কৰা বুলি আৰক্ষীয়ে জনায়। সংশ্লিষ্ট চাকৰি প্ৰত্যাশীসকলৰ নামো স্বীকাৰ কৰা বুলি আৰক্ষীয়ে অৱগত কৰে ।

Exit mobile version