পশ্চিম বংগত পূৰ্বৰ দৰে অনুষ্ঠিত কৰা নহয় দুৰ্গাপূজা

927823 745248 durgapuja 101718

পশ্চিমবংগত এইবাৰ দুৰ্গা পূজা খুব অনুষ্টুপীয়াকৈ পালন কৰা হ’ব । পূজা মণ্ডপ সমূহত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাটো নিষিদ্ধ কৰাৰ লগতে অতিৰিক্ত দিনলৈ পূজা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

যাতে সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পূজাত অংশগ্ৰহণ কৰিব পাৰে। মমতা বেনাৰ্জীৰ চৰকাৰে ক’ভিড -১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূজা আয়োজনৰ বাবে কিছু নিৰ্দেশনাৱলী জাৰি কৰিছে।

■ মুক্ত পেণ্ডেলৰ ব্যৱস্থা : পূজাৰ মণ্ডপসমূহ মুক্ত হোৱাৰ লগতে প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰ পৃথক কৰাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে সকলো পূজা সমিতিৰ সকলো আয়োজকক নিৰ্দেশ দিছে।

■ মাস্ক আৰু হেণ্ড চেনিটাইজাৰৰ ব্যৱহাৰ : পূজা মণ্ডপত প্ৰৱেশ কৰোতে সকলোৱে মাস্ক পৰিধান আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক।

■ পূজা মণ্ডপৰ কাষৰ দোকানসমূহত যাতে ভিৰ নহয় , তাৰ বাবে ভক্তসকলক ঘৰৰ পৰাই ফুল আৰু নৈবদ্য অনাৰ বাবে আহ্বান জনাইছে।

■ সাংস্কৃতিক অনুষ্ঠান নিষিদ্ধ : পূজা মণ্ডপৰ ভিতৰত আৰু তাৰ আশে-পাশে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে।

■ দুর্গা পূজাৰ সময়ত পূজা মণ্ডপৰ কাষত এইবাৰ মেলা বা অন্য কোনো অনুষ্ঠান অনুষ্ঠিত কৰাত নিষেধ জাৰি কৰিছে ৰাজ্য চৰকাৰে।

■ ইলেকট্ৰনিক আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰ : দুৰ্গাপূজা ২০২০ ৰ নিৰ্দেশনাৱলীত ৰাজ্য চৰকাৰে পূজা আয়োজকক যিমানদূৰ সম্ভৱ ইলেকট্ৰনিক আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। যাতে পূৰ্বৰ দৰে পূজামণ্ডপসমূহত ভক্ত সকলে অপ্ৰয়োজনত ঘূৰিবলগা নহয়।

■ ৰাজ্য চৰকাৰে সম্পৰ্কীয় বিভাগসমূহক অনুমতি প্ৰক্ৰিয়া অনলাইন পদ্ধতিৰৈ কৰিবলৈ নিৰ্দেশ দিছে।

Exit mobile version