পাঞ্জাবাৰীত চি পি আই এমৰ প্ৰতিবাদী কাৰ্যসূচী

WhatsApp Image 2020 09 30 at 4.12.30 PM

বুধাবাৰে পাঞ্জাবাৰী তিনিআলিস্থিত বজাৰৰ প্ৰাঙ্গণত চি পি আই(এম) অসম ৰাজ্যিক কমিটিয়ে আহ্বান জনোৱা পষেকজোৰা প্ৰচাৰ আন্দোলনৰ কাৰ্যসূচীৰ অংশস্বৰূপে অন্তিম প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

কামৰূপ (মহানগৰ)জিলা কমিটিৰ আহ্বান মৰ্মে দক্ষিণ-পূৱ গুৱাহাটী
আঞ্চলিক কমিটিৰ অন্তৰ্গত পাঞ্জাবাৰীত ৰূপায়ণ কৰা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে-হাতে বিভিন্ন দাবী সম্বলিত পোষ্টাৰ-বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে |

দলৰ সভ্য-সমৰ্থক, নিৰ্মাণ শ্ৰমিক আৰু গৃহকৰ্মীকে ধৰি প্ৰায় ডেৰশতাধিক ৰাইজে অংশ লোৱা এই বিক্ষোভ কাৰ্যসূচীত জিলা কমিটিৰ সদস্যদ্বয় বীৰেন শৰ্মা ,তপন শৰ্মা আৰু স্থানীয় নেতা মতলিব আলী আৰু বদন ভূঞাই আদিয়ে বক্তব্য প্ৰদান কৰে ।

অৱস্থান ধৰ্মঘটৰ শেষত প্ৰতিবাদকাৰীসকলে পাঞ্জাবাৰী অঞ্চলত হাতে-হাতে ৰক্তপতাকা আৰু প্লে কাৰ্ডলৈ শ্ল’গান মুখৰিত এক সমদলেৰে কাৰ্যসূচীৰ সামৰণি মাৰে।

Exit mobile version