বিটিচিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰা আৰু ৰাজ্যপালৰ শাসন প্ৰত্যাহাৰ কৰাৰ দাবীত জোৰ সমদল চিৰাং জিলাৰ ব্লক আৰু শাখা বিপিএফৰ

b08abc25 0dda 417f 8118 895c1cfaea16

আজি অসম চৰকাৰৰ সহযোগী মিত্ৰ দল বিপিএফে জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে । বিটিচিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত দলটোৱে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।কাজলগাঁৱকে আদি কৰি বিজনীসহ চিৰাং জিলাৰ ১৮নং মানাস ছেৰফা‍ং পৰিষদীয় সমষ্টিৰ ব্লক বিপিএফ দলৰ উদ্যোগত শতাধিক কৰ্মীকলৈ বিটিচি নিৰ্বাচন অনুষ্ঠিত আৰু ৰাজ্যপাল শাসন অন্ত কৰাৰ দাবীত পাণবাৰী বজাৰত জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে বিপিএফ-বিজেপি মিত্ৰজোঁটৰ মাজত যে সম্পৰ্কৰ অৱনতি ঘটিছে সেয়া বিপিএফ দলৰ এইধৰণৰ প্ৰতিবাদৰ পৰাই প্ৰমাণিত হৈছে।উল্লেখ্য যে প্ৰতিবাদস্থলীত ১৮নং মানাস ছেৰফা‍ং সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী ধনঞ্জয় বসমুতাৰীও উপস্থিত থাকে।

Exit mobile version