বিশ্বনাথ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

drugs

বিশ্বনাথ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই সফলতা লাভ কৰি অহাৰ সময়তে আজি চতিয়াত এখন যাত্রীবাহী বাছৰ পৰা আজি দিনৰ ২ বজাত পুনৰ দহ লাখ টকাৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰী আটক কৰে। প্রাপ্ত তথ্য অনুসৰি বিশ্বনাথ সদৰ আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনে বিশেষ সুত্রৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চতিয়া আৰক্ষীৰ সহযােগত গুৱাহাটীৰ পৰা লক্ষীমপুৰ অভিমুখে আহি থকা AS-12AC3929 নম্বৰৰ যাত্রীবাহী বাছখনত ড্ৰাগছৰ সন্ধানত তালাচী চলায়।

বিশ্বনাথ জিলাৰ পশ্চিম সীমা ডিকৰাই দলঙৰ কাষত চলােৱা তালাচী অভিযানত গাড়ীখনৰ ভিতৰৰ পৰা ১২৮ গ্রাম হেৰ’ইন উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী ফাৰুক আহমেদক আটক কৰে। আৰক্ষীয়ে জানিবলৈ দিয়ামতে চাৰিটা প্লাষ্টিক কন্টেইনাৰত দহটা প্লাষ্টিকৰ পেকেটত কঢ়িয়াই অনা ড্ৰাগছ খিনি বজাৰ মূল্যপ্রায় দহ লাখ টকা হ’ব ।

আৰক্ষীয়ে জনােৱা মতে সৰবৰাহকাৰী ফাৰুক আহমেদৰ ঘৰ নগাঁও জিলাত । নগাঁও যাত্রীবাহী বাছত ফাৰুকে ড্ৰাগছ খিনি লখিমপুৰ জিলাৰ বান্দৰদেৱালৈ কঢ়িয়াই আনিছিল । উল্লেখ্য যে নকল সােণ, ড্রাগছৰ ঘাটিলৈ পৰিণত হােৱা বান্দৰদেৱাৰ কে’বাজনাে ড্ৰাগছ সৰবৰাহকাৰীক বিশ্বনাথ আৰক্ষীয়ে চতিয়াতে অভিযান চলায় আটক কৰে । আনহাতে, আজি আটক কৰা ড্ৰাগছ সৰবাহকাৰীৰ স্বীকাৰােক্তিৰ ভিত্তিত আৰক্ষীয়ে পুনৰ অভিযান চলােৱাৰ কথা ব্যক্ত কৰিছে।

Exit mobile version