ভাৰতে কৰ’নাত মৃত্যু লোকৰ প্ৰকৃত পৰিসংখ্যা সদৰী কৰা নাইঃ ড’নাল্ড ট্ৰাম্প

Trump US China 61726 74318831 ver1.0

President Donald Trump smiles during his meeting with Chinese Vice Premier Liu He in the Oval Office of the White House in Washington, Friday, Feb. 22, 2019. (AP Photo/Susan Walsh)

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অভিযোগ যে ভাৰত কৰ’না ভাইৰাছৰ সঠিক তথ্য লুকুৱাইছে ৷

ৰাষ্ট্ৰপতি আলোচনাত ডেমক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেনৰ সৈতে হোৱা মতবিনিময়ত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা সন্দৰ্ভত মন্তব্য কৰি ভাৰতৰ বিষয়ে এই মন্তব্য কৰে।

ৰাষ্ট্ৰপতি ট্ৰাম্পে কৰ’না ভাইৰাছৰ বাবে আমেৰিকা মৃত্যু হোৱা লোক সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে চীন,ৰাচিয়াৰ লগতে ভাৰতেও কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা সঠিক ভাবে দিয়া নাই বুলি অভিযোগ কৰে ।

ট্ৰাম্পে লগতে কয় আমেৰিকাত উচিত সময়ত তলাবন্ধ নিদিয়া হ’লে ইয়াতকৈও অধিক লোকে মহামাৰীত মৃত্যু হ’লহেঁতেন

জ’ বাইডেনৰ কৰ’না ভাইৰাছৰ মন্তব্যত উত্তৰ দি কয় যে “আপুনি যেতিয়া কৰ’নাৰ পৰিসংখ্যাৰ কথা ক’ব,আপুনি জানেনে কৰ’নাত চীনৰ কিমান মানুহৰ মৃত্যু হ’ল?

আপুনি জানেনে ৰাছিয়াত কিমান মানুহৰ মৃত্যু হ’ল ?আপুনি নাজানে যে ভাৰতত কৰ’নাত কিমান মানুহৰ মৃত্যু হৈছে ৷এই সকলোবোৰে কৰ’নাত মৃত্যু হোৱা লোকৰ পৰিসংখ্যা লুকুৱাইছে।

ট্ৰাম্পে লগতে কয়- যদি আমি দেশত তলাবন্ধ নিদিলোহেঁতেন তেতিয়া ২ লাখত কৈ অধিক লোকৰ মৃত্যু হ’লহেঁতেন ।

উল্লেখযোগ্য আমেৰিকাত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ২লাখতকৈ অধিক লোক ৷দেশখনত কৰ’নাত আক্ৰান্ত হৈছে ৭১,৪৯,০৭৩ জন লোক ৷ আনহাতে যিকোনো সময়ত আমেৰিকাও মৃত্যু সংখ্যা লুকুৱাৰ অভিযোগ উঠিছে।

Exit mobile version