মাস্ক মাউথ : দীর্ঘ সময় মাস্ক পৰিধান কৰাৰ পাছত দেখা দিব পাৰে দাঁতৰ সমস্যাই

mask

সকলোতে মাস্ক পৰিধান কৰাটো সম্প্ৰতি অভ্যাসত পৰিণত হৈছে । কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখিবলৈ লাগতিয়াল সামগ্ৰী ক্ৰয় কৰাৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ যাওঁতেও মাস্ক পৰিধান কৰা হয় । বৰ্তমান সময়ত মাস্ক এক আৱশ্যকীয় আহিলা হৈ পৰিছে সকলোৰে বাবে । গোটেই দিনটো মাস্ক পৰিধান কৰাটো এক নতুন স্বাস্থ্যবিধিৰ বিষয় হৈ পৰিছে । যাক দন্ত চিকিৎসকে মাস্ক মাউথ(mask mouth) হিচাপে দাবী কৰিছে।

মাস্ক মাউথ কি হয়?

আপুনি দীৰ্ঘ সময় ধৰি মাস্ক পৰিধান কৰাৰ পাছত দুৰ্গন্ধ অনুভৱ কৰিছে নেকি? অৱশ্যে আমি সকলো সময়তে দুৰ্গন্ধ অনুভৱ কৰো । কিন্তু মাস্ক পৰিধান কৰাৰ পাছত আমি এই দুৰ্গন্ধ বেছিকৈ অনুভৱ কৰিছো । কেৱল দুৰ্গন্ধই নহয়, ই দাঁতৰ সমস্যা যেনে পোকে খোৱা, দাঁত ক্ষয় যোৱা ইত্যাদিৰ দৰে সমস্যাৰো সৃষ্টি কৰে।

এই সমস্যাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি?

■ সময়মতে পানী খাওঁক। ই দাঁতৰ পি এইচৰ ভাৰসাম্য বৰ্তাই ৰাখে আৰু বেক্টেৰিয়া বৃদ্ধিত বাধা দিয়ে।
■ খাদ্যৰ ৰুটিনত ফাইবাৰ যুক্ত স্বাস্থ্যকৰ খাদ্যৰ অন্তৰ্ভুক্ত কৰক।
■ আপোনাৰ মুখখন প্ৰতিদিনে ভালদৰে পৰিষ্কাৰ কৰক ।
■ দিনে দুবাৰকৈ দাঁত ব্ৰাছ কৰক । যদি সম্ভৱ খাদ্য গ্ৰহণ কৰাৰ পাছত মুখখন ভালদৰে পৰিষ্কাৰ কৰক ।

Exit mobile version