মিছামাৰীৰ কলাকুছিত জংঘল বস্তিত গাভৰু নৈৰ ভয়াৱহ খহনীয়া অব্যাহত

IMG 20200930 185134

ৰাজ্যৰ প্রান্তে প্রান্তে এতিয়াও অব্যাহত আছে বানৰ তাণ্ডৱ । ঠায়ে ঠায়ে খহনীয়া অব্যাহত থকাত নৈপৰীয়া ৰাইজে বিনিদ্র ৰজনী কটোৱাৰ লগতে খহনীয়াত হেৰুৱাইছে মাটি -ভেটি। সমান্তৰালকৈ শােণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মিছামাৰীত গাভৰু নৈয়ে ভয়াৱহ গৰাখহনীয়াত কলাকুছি জংঘলবস্তি গাওঁখনলৈ প্রচণ্ড ভাবুকি কঢ়িয়াইছে । বিগত কে’বাদিনো ধৰি হােৱা নেৰা নেপেৰা বৰষুণৰ ফলত পুনৰ ফেনেফুটুকাৰে গাভৰু নৈ খন বাঢ়ি অহাত খহনীয়াই লৈছে কালৰূপ ।

গাভৰু নৈৰ ভয়ংকৰ খহনীয়াত ইতিমধ্যে মিছামাৰীৰ কলাকুছি জংঘলস্তি গাওঁখনৰ ইব্রাহিম খলিল উল্লাহ শ্বেখ, আছেদ আলীকে ধৰি কে’বাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ, মাটি, ভেটি উচন হৈছে নৈৰ বুকুত ৷ খহনীয়াত সর্বস্বান্ত হৈ গাওঁখনৰ বহু পৰিয়ালে দিক-বিদিক হেৰুৱাই নিৰাপদ ঠাইলৈ ঢাপলি মেলিব লগা হৈছে ৷

তাৎপর্যপূর্ণ বিষয় যে গাভৰু নৈয়ে খহনীয়া অব্যাহত ৰখাৰ পিছতো জলসম্পদ বিভাগে গাওঁখনক ৰক্ষা কৰিবলৈ প্ৰতিৰােধৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ । ইপিনে ভয়ংকৰ খহনীয়াৰ পৰা ৰক্ষা পাবলৈ গাওঁবাসীয়ে নিজাববীয়াকৈ বাঁহৰ পার্কোপাইন আদিৰ ব্যৱস্থা কৰিছিল যদিও কোনাে সকাহ নাপালে ৷ পুনৰ গাভৰু নৈ ওফন্দি উঠাত খহনীয়াই ভয়ংকৰ ৰূপ লােৱাত নৈপৰীয়াই বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷

কলাকুছি জংঘলবস্তি গাওঁত গাভৰু নৈৰ ভয়ংকৰ খহনীয়া সন্দৰ্ভত স্থানীয় ব্যক্তি জাকিৰ হুছেইন, হেলাল উদ্দিনে সাংবাদিকৰ আগত কয় যে, গাভৰু নৈ খনে গাওঁখনত বিগত কে’বাবছৰ ধৰি খহনীয়াৰ সৃষ্টি কৰিছে । ইয়াৰ পিছতাে বিভাগীয় কর্তৃপক্ষ জলসম্পদ বিভাগ, স্থানীয় ঢেকিয়াজুলিৰ বিধান সভা সমষ্টিৰ বিধায়ক অশােক সিংহালেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ খহনীয়াই গাওঁখনলৈ ভাবুকি কঢ়িয়াইছে বুলি স্থানীয় ব্যক্তি দুগৰাকীয়ে প্ৰকাশ কৰি খহনীয়া প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰি গাওঁ খনক ৰক্ষা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।

Exit mobile version