২০২৩লৈ বছৰি কমেও আঢ়ৈ কোটি মানুহৰ মৃত্যু হ’ব হৃদৰোগত : বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য

Dashboard 952 heartattack 9 20

মঙলবাৰে বিশ্বজুৰি পালন কৰা ‘আন্তর্জাতিক হৃদৰােগ দিৱস’ত হৃদযন্ত্ৰক মূল বিষয় হিচাপে লৈ সৰ্বসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হৈছে । শৰীৰৰ অন্যতম প্রধান অংগটো হৈছে হৃদযন্ত্ৰ । সম্প্রতি কৰ’না সংকটৰ সময়ত সকলােৱে শৰীৰৰ অন্যান্য ৰােগক অৱহেলা কৰিবলৈ লৈছে। ফলত ‘হার্ট এটেক’ৰ ঘটনাও ক্রমান্বয়ে বৃদ্ধি পাবলৈ লৈছে  ।

বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞসকলৰ দ্বাৰা চলােৱা সমীক্ষা অনুসৰি ২০৩০লৈ বিশ্বত বছৰি প্ৰায় আঢ়ৈ কোটি মানুহৰ হৃদৰােগত আক্ৰান্ত হৈ অকাল মৃত্যু হ’ব । এই ক্ষেত্ৰত অধিক হাৰত ভাৰতীয়সকলে। আক্রান্ত হােৱাৰ সম্ভাৱনাও ব্যক্ত কৰা হৈছে ‘লেঞ্চেট’ জাৰ্ণেলত প্রকাশিত গৱেষণাৰ তথ্য অনুসৰি ২০১৬ত ভাৰতত ২১ লাখ মানুহৰ হৃদৰােগত অাক্ৰান্ত হৈ মৃত্যু হৈছে।

হৃদৰােগৰ চিকিৎসা বিশেষজ্ঞ চিকিৎসকসকলৰ হাতৰ মুঠিত থকাৰ পাছতাে ইমান অধিক লােকৰ মৃত্যু হৈ আছে একমাত্র সঠিক সময়ত ৰােগীয়ে হাস্পতালত উপস্থিত হ’ব নােৱৰাৰ ফলতে । সমগ্র দেশতে সম্প্রতি হৃদৰােগীৰ সংখ্যা বৃদ্ধি পােৱাৰ অন্যতম কাৰণ হৈছে নিয়ন্ত্রণহীন মধুমেহ ৰােগ আৰু শৰীৰৰ অতিৰিক্ত ওজন। অৱশ্যে জীৱন যাত্ৰাৰ জটিলতাৰ বাবেও হৃদৰােগীৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে সমগ্র বিশ্বত।

মানুহক এই বিষয়ত সজাগ কৰি তুলিবলৈকে ‘ৱর্ল্ড হার্ট ফেডাৰেছন’ আৰু ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ যৌথ উদ্যোগত ১৯৯৯ত ৱর্ল্ড হার্টডে’ পালনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। ৱর্ল্ড হার্ট ফেডাৰেছনৰ তদানীন্তন সভাপতি এন্টনি বায়েচ ডি লুনাৰ উদ্যোগত প্রতি বছৰে ছেপ্টেম্বৰৰ শেষৰটো দেওবাৰে এই দিৱস পালন কৰিবলৈ লােৱা হয়। সেই অনুসৰি ২০০০ৰ ২৪ ছেপ্টেম্বৰত প্ৰথম ‘হার্ট ডে’ পালন কৰা হয়, কিন্তু ২০১২ৰ পৰা ২৯ ছেপ্টেম্বৰৰ দিনটো হার্ট ডে পালনৰ বাবে নির্দিষ্ট কৰা হয় ।

এই বছৰৰ হার্ট ডেৰ মূল বিষয় হৈছে ইউজ টু বিট’ অর্থাৎ হৃদ্যন্ত্রক স্পন্দিত হ’বলৈ দিয়ক। নিয়মীয়াকৈ খােজ কঢ়া আৰু দৌৰা তথা শৰীৰ চৰ্চা কৰি গলে হৃদস্পন্দন স্বাভাৱিক হৈ থাকিব। শৰীৰৰ ওজন সঠিক তথা মন মুকলি কৰি ৰাখিব পাৰিলে হৃদযন্ত্র ভাল হৈ থাকিব । হৃদযন্ত্র ভালে ৰাখিবলৈ সৰুৰে পৰা সজাগ হৈ থাকিব লাগিব । সৰুকালৰে পৰা মধুমেহ আৰু হৃদৰােগৰ সম্ভাৱনা বৃদ্ধি পাবলৈ লয় । পূর্বৰ দৰে সাম্প্রতিক সময়ত শিশুসকলে নিয়মীয়াকৈ খেলা-ধূলা কৰাৰ পৰিৱর্তে ঘৰতে বন্দী হৈ থাকে ।

একেদৰে খাদ্যাভ্যাসে যথেষ্ট পৰিৱৰ্তন হৈছে । অধিক কেলৰি আৰু কার্বহাইড্রেটৰ বাবে সৰুৰে পৰা শৰীৰৰ ওজন বৃদ্ধি পায় । ফলত ক’ব নােৱাৰাকৈয়ে শিশু সকলাে হৃদৰােগৰ কবলত পৰিবলৈ লৈছে । আনহাতে, ধূপানৰ পৰা দূৰতে থকা, নিমখ নিয়ন্ত্রিত হাৰত গ্ৰহণ কৰা, চেনি তথা মিঠাই পৰাপক্ষত নােখােৱাকৈ থকা, ফাষ্ট ফুড অথবা সংৰক্ষিত খাদ্যক বিদায় দি সপ্তাহত পাঁচ দিন অন্ততঃ আধা ঘণ্টাকৈ শৰীৰ চৰ্চাৰ দ্বাৰা হৃদৰােগক কিছু নিলগত ৰাখিব পাৰি ।

তদুপৰি সতেজ ফলমূল, নিয়ন্ত্রিত ৰূপত মাছ-মাংস, দৈনিক পর্যাপ্ত পৰিমাণৰ পানী খােৱা, প্রস্তুত খাদ্যত তেল কমকৈ ব্যৱহাৰ কৰা আদি বিষয়তাে সমানে গুৰুত্ব প্রদান কৰাটো প্রয়ােজনীয়। মুধমেহ আৰু উচ্চ ৰক্তচাপ হৃদযন্ত্রৰ প্ৰধান শত্রু ।

সেয়েহে প্রাথমিকভাৱে এই দুই ৰােগক নিয়ন্ত্রণত ৰখা অতিকৈ প্রয়ােজন। যি সকলৰ পৰিয়ালত কোনাে সদস্যৰ যদি প্রথমবাৰলৈ হার্ট এটেক হয় তেন্তে সমগ্ৰ পৰিয়ালটোৱেই এই ক্ষেত্ৰত অধিক সাৱধান হােৱাটো প্রয়ােজন । এনে পৰিয়ালৰ সদস্যসকলে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাটোও অতিকৈ প্ৰয়ােজনীয় ।

বুকুত বিষ অথবা ‘গেছ’ৰ চাপ অনুভৱ কৰাসকলৰ বাবে ভৱিষ্যৎ অধিক ভয়াৱহ হ’ব পাৰে । এনে ক্ষেত্ৰত সামান্য অস্বস্তি অনুভৱ হ’লেই অৱহেলা কৰিব নালাগে । নহ’লে পৰৱৰ্তি সময়ত ফল অধিক ভয়াৱহ হ’ব পাৰে।

Exit mobile version