উপকূলৰক্ষী বাহিনীত কনকলতা

IMG 20200930 164543
দেশৰ স্বাধীনতা যুঁজৰ এগৰাকী বীৰাংগনা,অসম গৌৰৱ কনকলতা বৰুৱাই সন্মানজনক স্থান লাভ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীত ৷”ইণ্ডিয়ান ক’ষ্ট গাৰ্ড”ৰ ফাষ্ট পে’ট্ৰল ভেছেল  আই চি জি এছ কনকলতা বৰুৱা কলকতাত আৰম্ভণি কৰা হয়। দিল্লী ক’ষ্ট গাৰ্ডৰ সঞ্চালক প্ৰধান কৃষ্ণস্বামী নটৰাজনে এই অনুষ্ঠানত কয়”এয়া মোৰ বাবে গৌৰৱৰ বিষয় ৷
ভিডিঅ’ কনফাৰেন্সযোগে প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই ইয়াত অংশ লয় ।উল্লেখযোগ্য যে আই চি জি এফ কনকলতা বৰুৱা হৈছে প্ৰতিৰক্ষা বিভাগৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান জি আৰ এছ ইৰ দ্বাৰা নিৰ্মিত পাঁচখন এফ পি ডিৰ এখন ।ইয়াক ন জুনত হস্তান্তৰ কৰিছিল নিৰ্মাতাই ।ই হৈছে ৫০ মিটাৰ দৈৰ্ঘ্যৰ তথা ৭.৫ মিটাৰ প্ৰস্থৰ মধ্যম পৰ্যায়ৰ জাহাজ। এই শক্তিশালী জাহাজ টহল স্মাগলিং বিৰোধী,উদ্ধাৰ অভিযান আদিত ব্যৱহাৰ কৰা হয় ।
Exit mobile version