এতিয়াও প্ৰধানমন্ত্ৰী মোদীয়ে ক’ব নেকি “নমস্কাৰ ট্ৰাম্প”

WhatsApp Image 2020 10 01 at 1.45.37 PM

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিন্দাম্বৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্দৰ্ভত সমালোচনা কৰি প্ৰশ্ন কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়াও বন্ধু তথা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সন্মানেৰে নমস্কাৰ কৰিবনে ? কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শেহতীয়াকৈ ভাৰতে কৰ’নাত মৃত্যু হোৱা লোকৰ প্ৰকৃত তথ্য সদৰী কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে ।

চিদাম্বৰমে টুইটাৰ যোগে কয় “ডনাল্ড ট্ৰাম্পে চীন আৰু ৰাছিয়াৰ লগত ভাৰতক সংযোগ কৰিছে। আৰু তিনিওখন দেশৰ ওপৰত কৰ’নাৰ পৰিসংখ্যা লুকুৱাৰ অভিযোগ কৰিছে ৷গতিকে মোদী আপুনি এতিয়া বন্ধুক আদৰিবলৈ ৰেলী আৰু নমস্কাৰ কৰিবনে”?

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ এক আলোচনাত ডেমক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেনৰ সৈতে হোৱা মতবিনিময়ত ডনাল্ড ট্ৰাম্পে কৰ’না ভাইৰাছৰ ফলত মৃত্যু হোৱা সন্দৰ্ভত ভাৰতৰ বিষয়ে এই মন্তব্য কৰিছিল যে দেশখনে কৰ’নাৰ তথ্য দিয়া নাই ।

জ’ বাইডেনৰ কৰ’না ভাইৰাছৰ মন্তব্যত ট্ৰাম্পে উত্তৰ দি কয় যে “আপুনি যেতিয়া কৰ’নাৰ পৰিসংখ্যাৰ কথা ক’ব,আপুনি জানেনে কৰ’নাত চীনৰ কিমান মানুহৰ মৃত্যু হ’ল?আপুনি জানেনে ৰাছিয়াত কিমান মানুহৰ মৃত্যু হ’ল ?আপুনি নাজানে যে ভাৰতত কৰ’নাত কিমান মানুহৰ মৃত্যু হৈছে ৷এই সকলোবোৰে কৰ’নাত মৃত্যু হোৱা লোকৰ পৰিসংখ্যা লুকুৱাইছে ।ইপিনে আমেৰিকাত এতিয়ালৈকে কৰ’নাত মৃত্যু হৈছে ২লাখতকৈ অধিক লোক ৷ আনহাতে যিকোনো সময়ত আমেৰিকাও মৃত্যু সংখ্যা লুকুৱাৰ অভিযোগ উঠিছে।

Exit mobile version