ক্ৰুটিপূৰ্ণ বোমা বাৰুদৰ বলি ২৭ জোৱান, পানীত পৰিল ৯৬০ কোটি

Central

হঠাৎ প্রশ্নৰ সন্মুখীন হৈছে কেন্দ্রীয় চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ বা স্বাৱলম্বী ভাৰতৰ উদ্যোগ। স্বয়ং দেশৰ সেনাবাহিনীয়েই এই ক্ষেত্ৰত অসন্তুষ্টি ব্যক্ত কৰিছে। কিয়নাে ২০১৪ৰ পৰা ত্রুটিপূর্ণ’ বােমা-বাৰুদৰ বাবে নষ্ট হৈছে ৯৬০ কোটি টকা । লগতে প্রাণ বিসর্জন দিবলগীয়া হৈছে ২৭জন সেনা জোৱানে। এক আভ্যন্তৰীণ সমীক্ষাৰ অন্তত ভাৰতীয় সেনাবাহিনীয়ে এই কথা সদৰী কৰিছে। সেনাবাহিনীৰ তৰফৰ পৰা জনােৱা হৈছে যে ‘অর্ডিনেন্স ফেক্ট’ৰী ব’র্ড (এএফবি)ৰ দ্বাৰা নির্মিত গুলি, বাৰুদ, বােমা আদিত থকা ত্ৰুটিৰ মূল্য দিবলগীয়া হৈছে বাহিনীয়ে।

২০১৪ৰ পৰা ২০১৯ পর্যন্ত, অর্থাৎ বিগত প্রায় পাঁচ বছৰত বিভিন্ন অস্ত্র গুলি আৰু বােমাত ত্রুটি থকাত প্রায় চাৰিশটা দুর্ঘটনা সংঘটিত হৈছে । ইয়াৰ ফলত মৃত্যু হৈছে ২৭জন জোৱানৰ। আর্থিক দিশৰ পৰা সেই সময়সীমাত প্রায় ৬৫৮ কোটি টকাৰ ত্রুটিপূর্ণ গুলি সেনাই নষ্ট কৰিবলৈ বাধ্য হয়। ২০১৬ত মহাৰাষ্ট্রৰ পুলগাঁৱত এটা মাইন বিস্ফোৰণ ঘটিছিল। তদন্তত প্রমাণ হয় যে সেই মাইনত ত্রুটি আছিল।

ইয়াৰ পাছত সেনাবাহিনীয়ে প্রায় ৩০৩ কোটি টকাৰ মাইন নষ্ট কৰি পেলায়। বিগত কিছু বছৰত যি পৰিমাণৰ টকা পানীত পৰিছে, সেই টকাৰে ১৫৫ মিলিমিটাৰ মধ্য দূৰত্বৰ আর্টিলাৰী গান বা মধ্য দূৰত্বৰ এশটা কামান ক্রয় কৰিব পৰা গ’লহেঁতেন বুলি সেনাবাহিনীয়ে খেদ প্রকাশ কৰে। ইপিনে, সেনাৰ এই প্রতিবেদন প্রকাশ পােৱাৰ লগে লগে স্বাভাৱিকতে প্রশ্নৰ সন্মুখীন হৈছে প্রধানমন্ত্রীৰ ‘মেক ইন ইণ্ডিয়া’ উদ্যোগ। কিয়নাে প্রতিক্ষা ক্ষেত্ৰত স্বাৱলম্বী হােৱাৰ বাবে ভাৰতৰ চেষ্টাত অ’এফবি বা বােমা-বাৰুদ নির্মাণকাৰী কাৰখানাসমূহে অন্যতম অবদান আগবঢ়াইছিল।

প্ৰতিৰক্ষা দপ্তৰৰ আওতাত কাম কৰা এই অ’এফবি সমূহৰ দ্বাৰা নির্মিত বােমা-বাৰুদৰ মানক কেন্দ্ৰ কৰি পূর্বেও প্রশ্ন উত্থাপন হৈছিল। এইবাৰ স্বয়ং সেনাবাহিনীয়ে এই বিষয়ত ক্ষোভ প্রকাশ কৰাত পৰিস্থিতি স্বাভাৱিকতে জটিল হৈ পৰিছে। উল্লেখ্য যে, শীতৰ সত্ৰ আহিছে। ইপিনে, পূর্ব লাডাখত চীনৰ ৰঙা বাহিনীয়ে চকু ৰঙা কৰি আছে।

প্রচণ্ড শীতত চীনা সৈন্যৰ মােকাবিলা কৰাৰ বাবে ভাৰতীয় সেনায়াে কঁকালত টঙালি বান্ধিছে। ১৪ হেজাৰ পাঁচশ হেজাৰ ফুট উচ্চতাৰ চৰম প্রতিকূল পৰিস্থিতিত ভাৰতীয় সেনাই সম্ভাৱ্য যুদ্ধৰ বাবে সাজু কৰিছে টেংক, যুদ্ধযান আদি। আনকি এই সামৰিক সজ্জাৰ অনুশীলনাে আৰম্ভ হৈছে। তেনে সময়তে যুদ্ধৰ ৰচদৰ মান সন্দৰ্ভত প্রশ্ন উঠাত স্বাভাৱিকতে প্রতিক্ষা মহলত তােলপাৰ লাগিছে।

Exit mobile version