কৰ’না ভাইৰাছৰ সুবিধা লৈছে চৰকাৰে, মই ভেকচিন নলওঁঃ এল’ন মস্ক

5f724a1874fe5b0018a8dd86

বিশ্বত কৰ’নাৰ ভাইৰাছে মানৱ জীৱনৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি সকলো অৱস্থাতে শোচনীয়ভাৱে প্ৰভাৱ পেলাইছে । সকলো লোকেই সম্প্ৰতি কৰ’নাৰ ভেকচিনৰ কাৰণে অধীৰ আগ্ৰহেৰে বাট চাই আছে । ঠিক তেনে সময়তে আমেৰিকাৰ উদ্যোগপতি এল’ন মস্কে কয় যে তেওঁ আৰু তেওঁৰ পৰিয়ালে ভেকচিন ব্যৱহাৰ নকৰে । কাৰণ কৰ’না ভাইৰাচক চৰকাৰে ব্যৱহাৰ কৰি ৰাজনীতি কৰিছে ৷ কৰ’নাক লৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই ।

সম্প্ৰতি এল’ন মস্কৰ ভেকচিনক লৈ কৰা মন্তব্যৰ পাছতে সকলোৰে মাজত চৰ্চা লাভ কৰিছে । ইফালে এল’নৰ লগতে তেওঁৰ পৰিয়ালৰ কৰ’নাৰ পৰা কোনো অনিষ্ট নহয় বুলি দাবী কৰিছে ৷ আনহাতে মস্কে কৰ’নাক প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাসমূহৰ ক্ষেত্ৰতো অসন্তুষ্টি প্ৰকাশ কৰে ৷ ইয়াৰ পূৰ্বে এল’নে আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বত দিয়া তলাবন্ধৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰিছিল।

মস্কৰ দাবী যে কৰ’নাৰ কাৰণে তেওঁৰ স্পেছ টেকন’লজি কোম্পানীটোৰ কামত কোনো প্ৰভাৱ পৰা নাই । মস্কৰ মতে তলাবন্ধ দি ঘৰত সকলোকে বহুৱাই থোৱাটো ভাল কথা নহয় ।যিয়ে সংক্ৰমিত ৷তেওঁলোকক কোৱাৰেন্টাইন কৰক৷সকলোকে ঘৰত বহুৱাৰ কোনো কাৰণত নাই । আনহাতে আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ভেকচিন উপলব্ধ নহয বুলি সদৰী কৰিছে Moderna ই । কিন্তু ৰাষ্ট্ৰপতি ট্ৰাম্পে নিৰ্বাচনৰ পূৰ্বে ভেকচিন উপলব্ধ হ’ব বুলি সদৰী কৰিছিল ৷

Exit mobile version