চিকিৎসালয়লৈ নাযায় চিকিৎসক: নলবাৰীত ভি এফ এ ৰে চলিছে পশু চিকিৎসা বিভাগ

success 1

ৰাজ্যৰ বিয়াগোম পশু পালন আৰু চিকিৎসা কিদৰে চলিছে খবৰ নাই চৰকাৰৰ। চৰকাৰে অন্যান্যৰ লগতে পশুপালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ সঘন শ্ল’গান দি আহিলেও কাৰ্যক্ষেত্ৰত যে ইয়াৰ কোনো ভিত্তি নাই সেই কথা দেখদেখকৈ উদঙাই দিছে নলবাৰীৰ পশু চিকিৎসা বিভাগৰ সাম্প্ৰতিক অৱস্থাই । জিলাকেইখনৰ ঠায়ে ঠায়ে বহুকেইখন পশু চিকিৎসালয় আৰু পশু স্বাস্থ্যকেন্দ্ৰ থকাৰ পাছতো সাধাৰণ পশুপালকে পশুধনৰ নিম্নতম চিকিৎসাৰো সুবিধা নোপোৱাৰ ব্যাপক অভিযোগ উঠিছে।

কে’বাগৰাকী সাধাৰণ পশুপালকে সংবাদ মাধ্যমক প্রকাশ কৰা অভিযােগ অনুসৰি, পশু চিকিৎসাৰ বাবে তেওঁলােকে ৰােগগ্রস্ত পশুক চিকিৎসালয়লৈ নিলেও তাত চিকিৎসকক লগ নাপায়। তাৰ পৰিৱর্তে ক্ষেত্র সহায়ক জনেই সামান্য চিকিৎসা সেৱা আগবঢ়ায় । ফলত অধিক সময়তে ৰােগগ্রস্ত পশুধন মৃত্যুমুখত পৰিব লগা হয়। আন এজনে কোৱা অনুসৰি চৰকাৰী পৃষ্ঠপোষকতাত তেওঁলোকে গো পালনৰ ক্ষেত্ৰত কোনো সুবিধা পোৱা নাই । ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খৰচত চিকিৎসকক ঘৰলৈ আনি গৰুৰ চিকিৎসা চলাই আহিছে । ফলত চিকিৎসা অবিহনেই জিলাখনৰ প্ৰায়বোৰ অঞ্চলতে বিনা চিকিৎসাই পশুপালকে হেৰুৱাব লগা হয় বহু সংখ্যক পশুধন  ।

ইপিনে সংক্রান্ত অভিযোগ দিলেও কৰ্তব্যৰত চিকিৎসসকলৰ অধিক সংখ্যকেই ভি এফ এ জনক খবৰ লোৱাৰ নিৰ্দেশ দিয়েই সামৰি থয় দায়িত্ব। ২৪ খনকৈ চিকিৎসালয়, ৩১ টাকৈ স্বাস্থ্য কেন্দ্ৰ থকাৰ পাছতো চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পশুপালক সকল। বিভাগীয় নিয়ম অনুসৰি উক্ত স্বাস্থ্য কেন্দ্র সমূহত চিকিৎসক নিযুক্ত কৰা নহয় যদিও আন দুই তিনিজনকৈ স্বাস্থ্য কর্মী আৰু ভি এফ এ থাকে ।

কিন্তু দুর্ভাগ্যজনকভাৱে মাত্ৰ কেইটামান স্বাস্থ্যকেন্দ্ৰক বাদ দি অধিকাংশৰে কেতিয়াবা দুৱাৰ পর্যন্ত নােখােলাৰ অভিযােগ উঠিছে। জিলাখনৰ পশু চিকিৎসা বিভাগৰ এনে পৰিস্থিতিয়ে একাংশ বিষয়া- কর্মচাৰীৰ শ্ৰম অবিহনে চৰকাৰী ধন সৰকাই থকাৰ বাট মুকলি কৰাৰ লগতে এনে পৰিস্থিতিত কি সাহসত পশুপালনৰেৰে মানুহ আত্মনিৰ্ভৰ হ’বলৈ আগবাঢ়ি আহিব সেয়া চর্চিত হৈ পৰিছে।

Exit mobile version