তলাবন্ধৰ সময়ছোৱাত বিমানৰ যাত্ৰীসকলে বুকিং কৰা টিকটৰ সম্পূৰ্ণ মূল্য ঘূৰাই পাব: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

4f47520d 3c95 47f5 ade1 17cac43aa1e4

কৰ’নাৰ সংক্ৰমণৰ বাবে অব্যাহত থকা তলাবন্ধৰ বাবে এয়াৰলাইন্স সমূহে বিমান চলাচল বাতিল কৰিছিল । তলাবন্ধৰ সময়ছোৱাত যাত্ৰীসকলৰ পৰা সংগ্রহ কৰা টিকটৰ মূল্য কোনো ধৰণৰ মাছুল নকটাকৈ যাত্ৰীসকলক ঘূৰাই দিবলৈ উচ্চতম ন্যায়ালয়ে আজি নিৰ্দেশ দিছে ।

ন্যায়াধীশ অশোক ভূষণৰ অধ্যক্ষতাত বহা বৈঠকত এই নিৰ্দেশ দিয়া হয়। এই নিৰ্দেশ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমানৰ টিকটৰ বাবে প্ৰযোজ্য হ’ব । আনহাতে যিসকলে ট্ৰেভেল এজেন্টৰ মাধ্যমেৰে টিকট ক্ৰয় কৰিছিল সেইসকলৰ টিকটৰ ধনৰাশি এজেন্টৰ একাউন্টত জমা হোৱাৰ পাছত সংগ্ৰহ কৰিব পাৰিব বুলি ন্যায়ালয়ে জানিবলৈ দিয়ে।

অহা বছৰৰ ৩১ মাৰ্চলৈকে এয়াৰলাইন্সসমূহক টিকটৰ মূল্য ঘূৰাই দিয়াৰ বাবে সময়সীমা বান্ধি দিছে । যদিহে যাত্ৰীজনে ২৫ মাৰ্চৰ পৰা ২৪ মে’ৰ ভিতৰত টিকট বুকিং কৰিছিল আৰু টিকটৰ মূল্য এয়াৰ লাইন্সে সেই সময়ছোৱাত সংগ্ৰহ কৰিছিল তেন্তে কোনোধৰণৰ মাচুল নকটাকৈ সমুদায় মূল্য ঘূৰাই দিব লাগিব যাত্ৰীজনক।

Exit mobile version