পেটৰ ভোক সহি সন্তানৰ শিক্ষাৰ খৰছ বহন কৰিছিল পিতৃ-মাতৃয়ে

NITISH

পিতৃ-মাতৃৰ বাবে সন্তানেই তেওঁলোকৰ গোটেই পৃথিৱীখন ।নিজ সন্তানৰ বাবে কি কৰিব নোৱাৰে পিতৃ-মাতৃয়ে ।এমুঠি ভাতৰ বাবে অতিকৈ কষ্টকৰ কাম ,পেটৰ ভোকৰ জ্বালা সকলো বিনাদ্বিধাই হাঁহি মুখে স্বীকাৰ কৰিব পাৰে পিতৃ-মাতৃয়ে।এনেকুৱা এটা কাহিনীয়ে অলপতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।এই কাহিনীটো হ’ল মুম্বাইৰ নিৱাসী নিতেশ জৈছৱালৰ।

‘Humans of Bombay ‘ নামৰ ৱেব পেজটোৰে হোৱা এটা সাক্ষাৎকাৰত জৈছৱালৰ জীৱনৰ সংঘৰ্ষৰ কাহিনীয়ে চুই গৈছে হাজাৰ জনৰ অন্তৰ ।একেবাৰে দৰিদ্ৰ ,অশিক্ষিত পিতৃ-মাতৃয়ে কিদৰে দুটাকৈ সন্তানক পঢ়াই -শুনাই মানুহ হিচাপে গঢ়ি তুলিলে ।
পিতৃ -মাতৃ আছিল উত্তৰ প্ৰদেশৰ বাসিন্দা ।জীৱিকাৰ তাড়নাত মুম্বাই লৈ আহি কিদৰে পৰিস্থিতিৰ লগত যুজঁ দিছিল সেই কথা সঁচাই হৃদয় বিদাৰক ।এটা বিজুলী কাৰখানত কাম কৰা পিতৃৰ কাৰখানাতে দুৰ্ঘটনাত ছিঙি গৈছিল সোঁ-হাতৰ তিনিটা আঙুলি ।

কোনো কাৰণ নোহোৱাকৈ তেওঁক উলিয়াই দিয়া হৈছিল কামৰ পৰা ।পৰিয়ালটো চোৱা- চিতাৰ দায়িত্ব পৰিছিল মাতৃৰ ওপৰত ।তেওঁ আনৰ ঘৰত কাম কৰি দুপইচা অর্জন কৰিছিল।কিন্তু মাতৃৰ সপোন আছিল উচ্চ ।নিজৰ দুই সন্তানক নাম লগাই দিছিল ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ।এসাজ আহাৰ বচাই সেই পইচাৰে সন্তানৰ শিক্ষাৰ খৰছ ব্যয় কৰিছিল।

কেতিয়াবা খাবলৈ তেওঁলোকৰ ওচৰত এসাঁজ আহাৰো নাছিল ।তথাপিও নিজৰ লক্ষ্য আৰু পিতৃ -মাতৃৰ সপোন বাস্তৱ কৰিবলৈ নীতিশ যুজঁ দি গৈছিল নিষ্ঠুৰ বাস্তৱৰ স’তে ।লক্ষ্য আছিল চিকিৎসক হোৱাৰ ।চুবুৰীয়ায়ো কটাক্ষ কৰিছিল পিতৃক ।

মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ সময়তো উচ্চ স্তৰত গীত লগাই পঢ়াৰ পৰা ধ্যান বিচলিত কৰিবলৈও চেষ্টা কৰা হৈছিল।আনকি মেডিকেলৰ প্ৰৱেশ পৰীক্ষাৰ প্ৰথম দিনটোতে পানীৰ হিচাপৰ সন্দৰ্ভত চুবুৰীয়াই মাৰপিত কৰাৰ অভিযোগ দিয়াত পৰিয়ালৰ সকলোৱে জেল যাবলগীয়া হৈছিল ।শেষত পৰীক্ষা থকাৰ বাবে কাকুটি-মিনতি কৰি জেলৰ পৰা ওলাই আহি মেডিকেলৰ পৰীক্ষাত বহিছিল নীতিশ।

সেই মহান পিতৃ -মাতৃৰ দুই সন্তান বৰ্তমান চিকিৎসক ।এজনে দন্ত চিকিৎসকৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছে আৰু আনজনে চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী সম্পূৰ্ণ কৰি ক’ভিড ৰোগী সকলক চিকিৎসা প্ৰদান কৰি আছে ।

শেষত নীতিশ জৈছৱালে কয় , ‘ এইটো প্ৰয়োজনীয় নহয় আপুনি ক’ৰ পৰা আহিছে ।প্ৰয়োজনীয় এইটো আপুনি কেনেকৈ আগ বাঢ়ি যাব ।মোৰ অশিক্ষিত পিতৃ-মাতৃয়ে এইটো প্ৰমাণ কৰি দেখুৱালে কিদৰে সন্তানক পঢ়াই -শুনাই মানুহ কৰি তুলিব পাৰি ।’
নীতিশ জৈছৱালৰ এই ষ্টৰীক ৪০ হাজাৰৰো অধিক লোকে পছন্দ কৰিছে ।এই কাহিনী হাজাৰজন পিতৃ-মাতৃৰ সাহস আৰু প্ৰেৰণাৰ প্ৰতীক । নীতিশ জৈছৱাল আৰু তেওঁৰ পৰিয়াল এতিয়াও সেইখন চালি খনৰ তলতে বসবাস কৰি আছে য’ৰ পৰাই আৰম্ভ হৈছিল তেওঁলোকৰ জীৱনৰ সংগ্ৰাম।

Exit mobile version