মন্ত্ৰী-বিধায়কৰো এছ আই প্ৰাৰ্থী:পাটাৰকুছিত আত্মসমৰ্পণ দ্বিবন ডেকাৰ

Screenshot 151

আৰক্ষীৰ উপ-পৰিদৰ্শক (এছ আই) পদৰ চাকৰিৰ বাবে একাংশ মন্ত্রী-বিধায়কেও প্রার্থী তালিকা প্ৰদান কৰিছিল ছিণ্ডিকেট চক্রক। ইয়াৰ আধাৰতে মন্ত্রী-বিধায়কৰ ছুপাশি থকা প্ৰাৰ্থীয়েও মহানগৰীৰ গণেশগুৰিৰ থেংক ইউ লজত ফাদিল হােৱা প্ৰশ্নকাকতৰে উপ- পৰিদৰ্শক পদৰ চাকৰিৰ বাবে প্রস্তুতি চলাইছিল ।

আৰক্ষীৰ অপৰাধ কোষৰ সূত্রই এই কথা সদৰী কৰি জনােৱা মতে, অসম আৰক্ষীৰ খালী হৈ থকা ৫৯৭ টা উপ-পৰিদৰ্শক পদত নিজৰ নিজৰ প্রার্থীক সংস্থাপিত কৰাৰ উদ্দেশ্যে একাংশ মন্ত্রী-বিধায়কে এই নিযুক্তি কেলেংকাৰিৰ চক্ৰক প্ৰদান কৰে । সংশ্লিষ্ট প্রার্থীসকলে যাতে উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ অ’ এম আৰ শ্বীটত সংশ্লিষ্ট প্রশ্নৰ সঠিক উত্তৰ প্রদান কৰিব পাৰে তাৰ প্রতি লক্ষ্য ৰাখিয়ে শাসক দলৰ নেতা-কর্মীয়ে পৰিচালনা কৰা হােৱাটছএপ গ্রুপৰ জৰিয়তে আগতীয়াকৈ প্রদান কৰে।

লগতে একাংশ বিধায়কে সংশ্লিষ্ট প্রার্থীসকলৰ সহায়ক হােৱাকৈ সমষ্টিভিত্তিত সকলােকে অংশগ্রহণৰ সুযােগ প্রদান কৰি প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ বিপৰীতে একাংশ প্রার্থীক দালাল চক্ৰৰ জৰিয়তে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰে। উপ-পৰিদৰ্শক পদ লিখিত পৰীক্ষাৰ পূর্বে গুৱাহাটীত আহি উপস্থিত হােৱা তিনি শতাধিক প্রার্থীৰে অধিকাংশই শাসকীয় দলৰে আছে যােগসূত্র। তদুপৰি সংশ্লিষ্ট প্রার্থী সকলৰ একাংশৰে শিৰত আছে শাসকীয় দলৰ মন্ত্ৰী-বিধায়কৰাে আশীর্বাদ। মুখামুখিকৈ জেৰাৰ সময়তে ধৃত কুমুদ গােস্বামী আৰু কুশল দাসে এই কথা প্রকাশ কৰা বুলি আৰক্ষীয়ে জনায়।

থেংক ইউ লজ’ত কি হৈছিল?

মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত ফাদিল কৰা প্রশ্ন কাকতেৰে দালাল চক্রই আগতীয়াকৈ একাংশ প্রার্থী প্রশিক্ষণৰ ব্যৱস্থা কৰে। এই সমগ্র প্রক্রিয়াটো সম্পন্ন কৰাৰ বাবে বিজেপি নেতা দ্বিবন ডেকাই উদ্যোগ গ্রহণ কৰিলেও ইয়াৰ আঁৰত আন শক্তি জড়িত থকাৰ কথা ধৃত কুশলে জেৰাত স্বীকাৰ কৰে।

প্রশিক্ষণৰ পৰিকল্পনাৰ আঁৰত কোন?

ৰাজ্য চৰকাৰৰ গৃহ বিভাগকে ধৰি অন্যান্য বিভাগসমূহত পূর্বেও সম্পন্ন হৈছে নিযুক্তি প্রক্রিয়া। সংশ্লিষ্ট নিযুক্তিৰ নামতাে সময়ে সময়ে দালাল চক্ৰৰ আৱিৰ্ভাৱ হােৱাটো নতুন কথা নহয়, কিন্তু পৰীক্ষাৰ পূর্বে নির্দিষ্ট প্রশ্নকাকতৰে প্রশিক্ষণ দিয়াৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাৰ আঁৰৰ মূল ব্যক্তিজন দ্বিবন ডেকা নহয় বুলিও জেৰাৰ সময়ত ধৃত কুশলে দাবী কৰে । অৱশ্যে দ্বিবন ডেকাই ফোনেৰে এই বিষয়ক লৈ আন কোনাে ব্যক্তিৰে সঘন যােগাযােগত থকাৰ কথাও উল্লেখ কৰে। সংশ্লিষ্ট লােকজন কোন সেয়া স্পষ্ট নহ’লেও বিশেষ প্রভাৱশালী ব্যক্তি হ’ব বুলি ধৃত কুশলে ব্যক্ত কৰা বুলি আৰক্ষী সূত্রই জনায় ।

কি উদ্দেশ্যে প্রশিক্ষণৰ ব্যৱস্থা?

অসম আৰক্ষী নিযুক্তি ব’র্ডে অনুষ্ঠিত কৰা আৰক্ষী উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত প্ৰতিজন প্রার্থীয়ে অ’ এম আৰ শ্বীটত প্রশ্নোত্তৰ লিখাটো বাধ্যতামূলক। সংশ্লিষ্ট প্রার্থীসকলে পৰীক্ষাগৃহৰ পৰা অ’ এম আৰৰ শ্বীটৰ লগত সংলগ্ন কার্বন কপি’ এটা নিয়াৰ সুযােগ পায় আৰু ফলাফল ঘােষণাৰ সময়ত সংশ্লিষ্ট প্রার্থীসকলে লগত থকা অ’ এম আৰৰ শ্বীটৰে ৱেবছাইটত উপলব্ধ ফলাফল আৰু পৰীক্ষাৰ নম্বৰ তালিকা মিলাই চোৱাৰ ব্যৱস্থা আছে।

তাৰ বাবে অ’ এম আৰ শ্বীটৰ নম্বৰ তালিকাত চাকৰি প্রত্যাশীসকলৰ প্রাপ্ত নম্বৰ কোনাে কাৰণতে কম হ’লে মন্ত্রী-বিধায়কৰ ছুপাৰিশ থকা প্রার্থীকো নিযুক্তি দিয়া অসম্ভৱ। সেয়েহে বিশেষ ব্যক্তিৰ নিদের্শতে দালাল চক্ৰটোৱে ফাদিল কৰা প্রশ্নকাকতৰে মন্ত্ৰী-বিধায়কৰ ছুপাৰিশ একাংশ প্রার্থীক আগতীয়াকৈ প্রশিক্ষণ দিয়া হয় বুলি সূত্ৰটোৱে জনায়। সংশ্লিষ্ট প্রার্থীৰ নাম ছুপাৰিশ কৰা ৰাজনীতিসকলৰ ভিতৰত পশ্চিম অসমৰ প্ৰভাৱশালী মন্ত্রীদ্বয় চন্দ্রমােহন পাটোৱাৰী আৰু ফণীভূষণ চৌধুৰীৰ নাম আছে। লগতে একাংশ বিধায়কে ব্যক্তিগত প্রচেষ্টাৰে সমষ্টিয়ে সমষ্টিয়ে এই ধৰণৰ প্রশিক্ষণ কার্যসূচীৰ ব্যৱস্থা কৰাৰ তথ্যও উন্মােচিত হােৱা বুলি সূত্ৰটোৱে উল্লেখ কৰে।

পাটাছাৰকুছিত বিজেপি নেতা দ্বিবন ডেকাৰ আত্মসমর্পণ

আত্মগােপন কৰিও শেষ ৰক্ষা নহ’ল বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সদস্য দ্বিবন ডেকাৰ । প্রশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খাই পৰা দ্বিবন ডেকাই বুধবাৰে পাটাছাৰকুছি আৰক্ষী থানাত আত্মসমর্পণ কৰে বুলি চি আই ডি সূত্রই প্রকাশ কৰে । লগতে প্রশ্নকাকত ফাদিল ঘটনা সম্পর্কত চি আই ডি থানাত ৰুজু হৈ থকা ২১/২০২০ নম্বৰ গােচৰত ৰাজসাক্ষী হােৱাৰ বাবে বিজেপি নেতাজনে আগ্রহ প্রকাশ কৰে। তেওঁক আজি গুৱাহাটীলৈ অনা হ’ব।

Exit mobile version