ৰাহুল গান্ধীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন

WhatsApp Image 2020 10 01 at 7.10.58 PM

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা উত্তৰ প্ৰদেশত ধৰ্ষণৰ বলি হৈ কৰুণ মৃত্যুক সাৱটি লোৱা কিশোৰীৰ পৰিয়ালৰ খবৰ ল’বলৈ যোৱাৰ সময়তে আজি আৰক্ষীৰ নিৰ্যাতনৰ বলি হ’বলগীয়া হয় ৰাহুল গান্ধী । আৰক্ষীয়ে ৰাহুল গান্ধীক কেৱল নিৰ্যাতন কৰাই নহয়, আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়াংকা গান্ধী দুয়োজনকে গ্ৰেপ্তাৰো কৰে ৷ ইয়াৰ পাছত আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়াংকাক গাড়ীত বহুৱাই এক বিশেষ গেষ্ট হাউচলৈ লৈ যায় ।

আজি দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ অভিমুখে ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে ৰাহুল গান্ধীয়ে যাত্ৰা কৰে ।উত্তৰ প্ৰদেশত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে ৰাজ্যখনৰ আৰক্ষীয়ে ৰাহুল আৰু প্ৰিয়ংকাৰ কনভয় ৰখাই দিয়ে । ইয়াৰ পাছত ৰাহুল আৰু প্ৰিয়াংকা খোজ কাঢ়িয়েই আগবাঢ়ে । আৰক্ষীয়ে প্ৰথমতে ৰাহুল গান্ধীৰ চাৰ্টত ধৰে ৷এনেদৰে হোৱা ঠেলা হেঁচাত এবাৰ ৰাহুল গান্ধী মাটিত বাগৰি পৰে । এগৰাকী কংগ্ৰেছ নেতাৰ মত অনুসৰি ৰাহুল গান্ধী আঘাতপ্ৰাপ্ত হৈছে ।

ইপিনে ৰাহুল গান্ধীক এনেদৰে আৰক্ষীয়ে টানি-আজুৰি মাটিত বগৰাই দিয়াৰ ঘটনাটোৱে সমগ্ৰ দেশ জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ দলিত সম্প্ৰদায়ৰ ২০ বছৰীয়া যুৱতীগৰাকীক চাৰিজন উচ্চবৰ্ণৰ যুৱকে দলবদ্ধ ধৰ্ষণ কৰিছিল । অভিযুক্ত চাৰি যুৱকে যুৱতীগৰাকীক ধৰ্ষণৰ লগতে নিৰ্মম শাৰিৰীক অত্যাচাৰ চলাইছিল । পীড়িতা গৰাকীক প্ৰচণ্ড মাৰ ধৰ কৰাৰ লগতে ধর্ষণকাৰীয়ে জিভাও কাটি নিছিল ।

পাছত পৰিয়ালৰ লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাইছিল আৰু মঙলবাৰে পুৱাতে যুৱতীগৰাকীৰ শেষ নিশ্বাস ত্যাগ কৰে । দলিত যুৱতীগৰাকীৰ দলবদ্ধ ধৰ্ষণ আৰু আৰু হত্যাৰ এই ঘটনাই দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু যুৱতীগৰাকীৰ ন্যায় বিচাৰি দাবী জনাইছে ।

Exit mobile version