ভাৰতৰ লগতে ১৮০ খন দেশত কৰ’না ভাইৰাছৰ সন্ত্ৰাস দেখা গৈছে ।বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৮৬,৮২১জন। মৃত হৈছে ১,১৮১জন ।
ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্ত হৈছে ভাৰতত বৃদ্ধি পাইছে ৬৩,১২,৫৮৪ জনলৈ ।
আনহাতে বিগত ২৪ ঘন্টাত কৰ’নাত সুস্থ হৈ ৮৫,৩৭৫ জন লোক ৷কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈছে ৫২,৭৩ ২০১ জন ৷ মৃত্যু হৈছে ৯৮,৬৭৮ জনৰ ৷
কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৯,৪০,৭০৫ জন । ৩০ ছেপ্টেম্বৰত কৰ’নাৰ টেষ্ট কৰিছে ১৪,২৩,০৫২ জন ৷দেশত মুঠ কৰ’নাৰ টেষ্ট কৰা হৈছে ৭,৫৬,১৯,৭৮১জন ৷
ইপিনে আমেৰিকাৰ পাছতে কৰ’নাত আক্ৰান্তৰ দ্বিতীয় স্থানত আছে ভাৰত ৷ভাৰতত কৰ’নাত আটাইতকৈ বেছি আক্ৰান্ত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ ৷ৰাজ্যখনত কৰ’নাত আক্ৰান্তৰ সংখ্যাই ১৩লাখ অতিক্ৰম কৰিলে ৷আনহাতে একাংশ ৰাজ্যত পুনৰ কৰ’নাৰ দ্বিতীয় পৰ্যায়ৰ আক্ৰান্ত আৰম্ভ হৈছে।