১.১১কোটিত নিলাম হ’ল মহিন্দ্রা কোম্পানীয়ে নিৰ্মাণ কৰা প্ৰথমখন মহিন্দ্রা থৰ

2020 mahindra thar

দেশৰ আগশাৰী গাড়ী নিৰ্মাণ কোম্পানী মহিন্দ্রা ভাৰতে দেশত মুকলি কৰিব মহিন্দ্রাৰ নতুন মডেল ‘মহিন্দ্রা থৰ ‘। ইতিমধ্যে এই গাড়ীখনৰ নিলাম কাৰ্য আৰম্ভ হয় ।আজি আছিল নিলামৰ শেষ দিন ।অনলাইন যোগে হোৱা এই নিলামত পঞ্জীয়ন কৰিছিল ৫৪৪৪জন লোকে ।

এই নিলামৰ শেষ পৰ্যায়ত দিল্লীৰ আকাশ মিণ্ডাই ঘোষণা কৰা ১.১১ কোটি টকাত নিলাম হয় গাড়ীখন ।২অক্টোবৰত ঘোষণা কৰা হ’ব বিজয়ী গৰাকীৰ নাম ।গাড়ীখনৰ এই নিলাম কাৰ্য এটা বিশেষ উদ্দেশ্যক লৈ কৰা হৈছে ।নিলামত নিৰ্ধাৰিত হোৱা গাড়ীখনৰ এই সম্পূৰ্ণ মূল্য কৰ’না সাহাৰ্যৰ বাবে দান কৰা হ’ব ।

ইয়াৰ বাবে তিনিটা বিকল্প থাকিব ।নিজৰ পছন্দ অনুসৰি এটা নিৰ্ধাৰণ কৰিব লাগিব ।Naandi foundation যিয়ে খাদ্য আৰু কৃষি ক্ষেত্ৰত জীৱিকাৰ বাবে কৰ’না কালৰ সময়ত কাম কৰি আছে ,swadesh foundation অথবা PM CARE fund ত দান কৰা হ’ব ।

Exit mobile version