‘অভিনেত্ৰীগৰাকীৰ অভিযোগ সম্পূৰ্ণ মিছা, ২০১৩ৰ আগষ্টত অনুৰাগ আছিল শ্ৰীলংকাত’ : বিবৃতিত প্ৰকাশ

pjimage 1 1600739021

অভিনেত্ৰী পায়েল ঘোষে বলিউদৰ আগশাৰীৰ পৰিচালক অনুৰাগ কাশ্যপৰ বিৰুদ্ধে উত্থাপন কৰা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰে আৰক্ষীয়ে জেৰা কৰাৰ অন্তত পৰিচালক গৰাকীৰ উকীল প্ৰিয়ংকা খিমানিয়ে এক বিবৃতিত উল্লেখ কৰে যে, এই অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । অভিনেত্ৰীগৰাকীয়ে যিসময়ত এই ঘটনা ঘটাৰ কথা উল্লেখ কৰিছে সেই সময়ত অনুৰাগ কাশ্যপ ভাৰতত নাছিল । নিজৰ চিনেমাৰ শ্বুটিঙৰ বাবে শ্ৰীলংকালৈ গৈছিল । পৰিচালকগৰাকীয়ে ইতিমধ্যে তদন্তৰ বাবে প্ৰয়োজনীয় সকলো নথি পত্ৰ আৰু ২০১৩ৰ আগষ্টত শ্ৰীলংকাত থকাৰ তথ্য আৰক্ষীক জমা দিয়ে ।

বৃহস্পতিবাৰে পুৱা ১০ বজাত কাশ্যপে মুম্বাইৰ ভাৰছ’ভা আৰক্ষী থানাত সোধ পোছৰ বাবে উপস্থিত হয় । এই পর্যন্ত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত দাবী কৰি কাশ্যপে কয়, ‘মােৰ ভাৰছ’ভাস্থিত ঘৰত কেতিয়াও পায়েলৰ স’তে সাক্ষাৎ হােৱা নাছিল আৰু মই কেতিয়াও তেওঁক যৌন শােষণ কৰা নাছিলাে । পায়েলে মােৰ বিৰুদ্ধে এই ধৰণৰ অভিযােগ উত্থাপন কৰা বুলি শুনি মই হতবাক হৈছিলাে। এয়া সম্পূর্ণ মিছা আৰু ভিত্তিহীন। এনে অভিযােগৰ কোনাে সত্যতা নাই। এয়া হয়তাে মােৰ বিৰুদ্ধে এক ষড়যন্ত্র। এই অভিযােগত মই সম্পূর্ণ নির্দোষী।’

Exit mobile version