ক’ভিড-১৯ৰ ভেকচিন ২০২১ৰ জানুৱাৰীত উপলব্ধ হ’ব : ৰণদ্বীপ গুলেৰীয়া

WhatsApp Image 2020 10 02 at 5.27.56 PM

কৰ’না মহামাৰীৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সমগ্র বিশ্ববাসী এতিয়া ভেকচিনৰ অপেক্ষাত । এই সন্দৰ্ভত এইমছৰ সঞ্চালক ৰণদ্বীপ গুলেৰীয়াই কয় যে, যদি সকলো পৰিকল্পনা অনুসাৰে হয়, তেন্তে ২০২১ৰ জানুৱাৰীলৈ কৰ’না মহামাৰীৰ ভেকচিন ভাৰতত উপলব্ধ হোৱাৰ আশা কৰিব পাৰি । The India Today Healthgiri Awards 2020 ত গুলেৰীয়াই প্ৰকাশ কৰে যে, দেশত ভেকচিন কেতিয়া উপলব্ধ হ’ব সেয়া কোৱাটো কঠিন আৰু ই বহু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ।

লগতে কয় যে, দেশত প্ৰাথমিক পৰ্যায়ত ভেকচিন উপলব্ধ হ’লেও সকলো জনসাধাৰণৰ বাবে পৰ্যাপ্ত নহ’ব । ভেকচিন প্ৰস্তুত কৰাৰ পাছত বৃহৎ পৰিমাণে উৎপাদন আৰু বিতৰণৰ প্ৰত্যহ্বানে দেখা দিব । ক’ভিড ভেকচিন ভাৰতীয়ৰ মাজত কিদৰে বিতৰণ কৰাৰ সন্দৰ্ভত গুলেৰীয়াই কয় যে, এই বিষয়ত ইতিমধ্যে আলোচনা আৰম্ভ কৰা হৈছে আৰু এই সন্দৰ্ভত ভেকচিন অগ্ৰাধিকাৰ মডেলক অনুসৰণ কৰা হ’ব বুলি ইংগিত প্ৰদান কৰিছে । এই মডেলটিত দুটা সমূহক অধিক প্ৰাধান্য দিয়া হ’ব ।

স্বাস্থ্যকৰ্মী আৰু মৃত্যুৰ সম্ভৱনা বেছি থকা লোকক এই দুটা সমূহত অন্তৰ্ভুক্ত কৰা হৈছে । যদি আমি অগ্ৰাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি অনুসৰণ কৰো তেন্তে ভেকচিনৰ বিতৰণো সমানে হ’ব । আনহাতে, কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত দ্ৰুতগতিত ৬৩লাখৰ সীমা অতিক্ৰম কৰিছে ভাৰতে। সকলো ভাৰতীয় বিশেষকৈ গাঁও অঞ্চলত মহামাৰীৰ সংক্ৰমণ সীমাবদ্ধ কৰাৰ কৰাৰ বাবে সচেতনতা গঢ় দিয়া উচিত । ক’ভিড-১৯ ৰ প্ৰটকল ৰ সন্দৰ্ভত সকলোৱে অৱগত হোৱা উচিত বুলিও কয় এইমছৰ সঞ্চালকগৰাকীয়ে ।

Exit mobile version