কলকাতাত বহিয়ে ইংলেণ্ডৰ বেংকত প্ৰবঞ্চনাৰ জাল

WhatsApp Image 2020 10 02 at 6.05.37 PM

ভাৰতত বহিয়ে ইংলেণ্ডৰ এটা বেংকৰ পৰা প্ৰৱঞ্চনাৰে ধন উলিয়াই থাকিবলৈ সক্ষম হোৱা চক্ৰ এটাৰ নায়কক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কলকাতা আৰক্ষীৰ চোৰাংচোৱা শাখাই।ধৃত অভিযুক্তৰ ঘৰৰ পৰা নগদ সাত কোটি টকা আৰক্ষীয়ে জব্দ কৰে ।যোৱা আগষ্টতে ভাৰতৰ এটি বেচৰকাৰী বেংকৰ কলকাতা কাৰ্যালয়ৰ পৰা এই প্ৰৱঞ্চনাৰ সন্দৰ্ভত এটি গোচৰ পঞ্জীয়ন কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়া হয় ।

এই তদন্ততে পোহৰলৈ আহে চক্ৰটোৰ নায়ক বেহালাৰ বাসিন্দা গৌৰৱ চাতৱানিৰ নাম ।ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা জুনৰ অন্তিম সপ্তাহত।ভাৰতৰ এটা প্ৰথম শ্ৰেণীৰ বেচৰকাৰী বেংকৰ ইংলেণ্ডস্থিত শাখালৈ গৈ এজন গ্ৰাহকে প্রৱঞ্ছনাৰে কোনোৱে ধন উলিয়াই নিয়াৰ অভিযোগ কৰে ।জন্মসূত্ৰে ভাৰতীয় কিন্তু বৰ্তমান ইংলেণ্ডৰ নাগৰিক তথা বেংকটোৰ গ্ৰজকজনে নিজৰ একাউণ্টৰ পৰা ভাৰতীয় মুদ্ৰাত প্ৰায় ৮৭লাখ টকা নোহোৱা হোৱা বুলি অভিযোগ কৰে ।

বেংক গ্ৰাহকজনক ফোনযোগে কোনো অজ্ঞাত লোকে বিশেষ সেৱা লাভ কৰিবলৈ ‘এপ’ ডাউনলোড কৰিবলৈ কয়।এই এপটো ডাউনলোড কৰাৰ পাছৰে পৰা বেংক একাউণ্টৰ পৰা ধন নোহোৱা হ’বলৈ ধৰে । প্ৰকৃততে এপটোৰ যোগেৰে প্ৰৱঞ্চক চক্ৰই নিৰ্দিষ্ট লিংক এটা লাভ কৰে ।ম’বাইলযোগে এই লিংকৰ মাধ্যমত গ্ৰাহকজনৰ ম’বাইলৰ সকলো তথ্যও লাভ কৰে চক্ৰটোৱে ।এনেদৰেই ক্ৰমে গ্ৰাহকজনৰ একাউণ্টৰ পৰা ধন নোহোৱা হ’বলৈ ধৰে ।ইংলেণ্ডৰ বেংকটোৰ পৰা প্ৰৱঞ্চনাৰে উলিওৱা সকলো টকা পোনপটীয়াভাৱে কলকাতাৰ কে’বাটাও একাউণ্টত আহি এই টকা জমা হৈছিল।

বিদেশৰ পৰা ধন আহিলেও এই একাউন্টৰ গৰাকীসকলৰ কিন্তু বিদেশৰে কোনো সম্পৰ্ক নাই ।প্ৰকৃততে আৰক্ষীৰ চকুত ধূলি দিবলৈ এই একাউণ্টবিলাক ‘ভাড়া’ত লৈছিল।আৰক্ষীয়ে বেংকৰ চি চি টি ভি ‘ফুটেজ’ পৰীক্ষা কৰাৰ পাছত বহুকেইজন গ্ৰাহকক চিনাক্ত কৰে ।ইয়াৰ পাছতে চক্ৰটোৰ নায়ক গৌৰৱ চাতৱানিৰ সন্ধান লাভ কৰে আৰক্ষীয়ে ।সম্প্ৰতি গৌৰৱৰ সহযোগীসকলৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে।

Exit mobile version