ডাইনী সন্দেহত মহিলাক হত্যা, বাধা দিবলৈ আহি প্রাণ হেৰুৱালে শিক্ষকে

8eb9a680 1147 4e4a 9e52 360b75020245 e1601567948478

অভি-নীল হত্যাকাণ্ডৰ বিচাৰ শেষ নৌহওঁতেই পুনৰ আন নৃশংস হত্যাকাণ্ডই কঁপাই তুলিলে কাৰ্বি আংলঙৰ ডকমকা অঞ্চলক। একাংশ অন্ধবিশ্বাসত মতলীয়া লােকৰ নৃশংসতাত প্রাণ গ’ল এগৰাকী অসহায় মহিলা আৰু এজন সচেতন শিক্ষকে । বুধবাৰে এই লােমহর্ষক হত্যাকাণ্ড সংঘটিত হয় ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লাংহিনৰ অত্যন্ত প্রত্যন্ত অঞ্চল ৰহিমাপুৰত । অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গাঁওখনৰ একাংশ লােক ইমানেই উন্মত্ত হৈ পৰিছিল যে দুয়ােকে মাৰধৰ কৰি হত্যা কৰাৰ পাছত শিৰচ্ছেদ কৰে আৰু পূজাত আহুতি দিয়ে। লােকসকলৰ নৃশংসতাৰ পৰা কোনােমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় দুৰ্ভগীয়া মহিলাগৰাকীৰ কিশােৰী কন্যাই ।

আৰক্ষী সূত্রই জনােৱা মতে, গাঁওখনৰ এগৰাকী যুৱতীয়ে অসুস্থতাৰ বাবে বিগত কিছুদিন ধৰি গুৱাহাটীত চিকিৎসাধীন হৈ আছিল। তিনিদিনৰ পূর্বে চিকিৎসাধীন অৱস্থাতে যুৱতীগৰাকীৰ মৃত্যু হয়। সেই অনুসৰি বুধবাৰে মৃত যুৱতীগৰাকীৰ তিনিদিনীয়া সামাজিক ক্রিয়া কর্ম সম্পন্ন হৈছিল । কিন্তু সেই সময়তে গাঁওখনৰ আন এগৰাকী যুৱতীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে ।

ইয়াতে যুৱতীগৰাকীৰ গাত ‘দেউ লম্ভা’ বুলি অন্ধবিশ্বাসী গাঁওবাসীয়ে ধাৰণা কৰি তেওঁক পূজা-অর্চনা কৰে । তেতিয়াই অস্বাভাৱিক আচৰণ কৰা যুৱতীগৰাকীয়ে গাঁওখনৰে ৰমাৱতী হালােৱা নামৰ মহিলাগৰাকী ডাইনী বুলি অভিযােগ কৰাৰ লগতে মহিলাগৰাকীৰ বাবেই গাঁওখনত অপায়-অমংগল হােৱা বুলি গাঁওবাসীক অৱগত কৰে । লগে লগে গাঁওখনৰ একাংশ যুৱক উত্তেজিত হৈ পৰে আৰু অন্ধবিশ্বাসত মতলীয়া হৈ অসহায় মহিলাগৰাকীক প্ৰহাৰ কৰি নৃশংসভাৱে হত্যা কৰে ।

ইফালে, গাঁওবাসীৰ এনে অযুক্তিকৰ কাম-কাজত বাধা প্রদান কৰিবলৈ আগবাঢ়ি আহিছিল গাঁওখনৰে প্ৰাথমিক বিদ্যালয়ৰ এজন যুৱ শিক্ষক বিজয় গৌড়। কিন্তু উন্মত্ত লােকসকলে শিক্ষকজনকো লাঠিৰে কোবাই কোবাই হত্যা কৰে। পাছত জ্ঞান শূন্যহীন হৈ পৰা গাঁওবাসীয়ে ইমানতে ক্ষান্ত নাথাকি দুয়ােটা মৃতদেহৰ শিৰচ্ছেদ কৰি মূৰ দুটা পূজাত আহুতি দিয়াৰ পাছত মূণ্ডহীন মৃতদেহ দুটা এখন নদী পাৰ কৰাই চোঁচৰাই নি এটা পাহাৰত দাহ কৰে ।

উল্লেখ্য যে উন্মাদ লােকসকলে দুৰ্ভগীয়া মহিলাগৰাকীৰ কিশােৰী কন্যাকো হত্যাৰ অপচেষ্টা চলাইছিল । অৱশ্যে কিশােৰীগৰাকীয়ে কথমপি উন্মাদ লােকসকলৰ হাত সাৰি পথাৰৰ ধাননিৰ মাজত নিশাটো আত্মগােপন কৰি থাকি বৃহস্পতিবাৰে পুৱা কোনােমতে প্রাণ ৰক্ষা কৰি ডকমকা আৰক্ষী থানাত উপস্থিত হয় ।  ইপিনে, উক্ত হত্যাকাণ্ডত লিপ্ত থকা এজন দুষ্কৃতিকাৰীয়ে বৃহস্পতিবাৰে পুৱাই ডকমকা আৰক্ষী থানাত আত্মসমর্পণ কৰে। ঘটনাৰ বিষয়ে অৱগত হােৱাৰ লগে লগে আৰক্ষীৰ বৃহৎ দল এটাই ঘটনাস্থলীত উপস্থিত হয় ।

আনহাতে, জিলাখনৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাকে ধৰি আৰক্ষীৰ উচ্চ পর্যায়ৰ বিষয়ায়াে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আৰক্ষীয়ে মৃতদেহৰ অৱশিষ্ট, হত্যাকাণ্ডত ব্যৱহৃত অস্ত্র আদি জব্দ কৰি সম্প্রতি তদন্ত অব্যাহত ৰাখিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে এই পর্যন্ত নজন লােকক আটক কৰি ডকমকা আৰক্ষী থানাত জেৰা কৰি আছে ।

Exit mobile version