বিগ বছ-১৪ত অংশগ্রহণৰ সর্বাধিক ২৫ লাখ টকাৰ পাৰিশ্রমিক গ্রহণ ৰাধে মাৰ

WhatsApp Image 2020 10 02 at 4.02.11 PM

‘বিগ বছ-১৪’ৰ গৃহত এইবাৰ প্রৱেশ কৰিব স্বঘােষিত ধর্মীয় গুৰু ৰাধে মাই । প্রকাশিত বাতৰি অনুসৰি বিতর্কিত ধর্মীয় গুৰু ৰাধে মাই ‘বিগ বছ’ত অংশ লােৱাৰ বাবদ সর্বাধিক পাৰিশ্রমিক লাভ কৰিছে। বিগ বছৰ গৃহত বসবাসৰ বাবে প্রতি সপ্তাহত ৰাধে মাই ২৫ লাখ টকাৰ পাৰিশ্ৰমিক লাভ কৰিব ।

বিগ বছৰ নির্মাতাৰ সূত্ৰই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, ৰাধে মাক প্রতিযােগী হিচাপে সর্বাধিক পাৰিশ্ৰমিকৰ বিনিময়ত চুক্তিবদ্ধ কৰােৱা হৈছে। বিগ বছৰ এইবাৰৰ ছেট মুম্বাইৰ গুৰেগাঁও ফিল্মচিটিত তৈয়াৰ কৰা হৈছে। বিগ শ বছৰ সঞ্চালক ছলমান খানেও এইবাৰ ৪৫০- ৪৮০ কোটি টকাৰ পাৰিশ্ৰমিক গ্রহণ কৰা বুলি অলপতে বাতৰিত উল্লেখ কৰা হৈছিল। অহা তিনি অক্টোবৰৰ পৰা কালাৰ্ছ টেলিভিছনত বিগ বছ-১৪ৰ প্ৰদৰ্শন আৰম্ভ হ’ব।

Exit mobile version