‘ভাৰতত এই পৰ্যন্ত ক’ভিডৰ সংক্ৰমণ প্ৰথম পৰ্যায়তে চলি আছে, দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাই নাই’ : বিশেষজ্ঞ

WhatsApp Image 2020 10 02 at 5.56.39 PM

ভাৰতত এই পৰ্যন্ত কৰ’নাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱা নাই । এই সন্দৰ্ভত The India Today Healthgiri Awards-2020 ত ভাগ লৈ জসলোক হস্পিতালৰ মেডিকেল গৱেষণাৰ ডাইৰেক্টৰ ডাঃ ৰাজেশ পৰীখে শুক্ৰবাৰে কয় যে, “যদিও দেশত ক’ভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে, দেশত কিন্তু বৰ্তমান ক’ভিড-১৯ৰ প্ৰথম পৰ্যায় চলি আছে, দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাই নাই । আমি এই সন্দৰ্ভত সতৰ্ক হোৱাৰ প্ৰয়োজন আছে, কিয়নো আক্ৰান্তৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আমি মনত ৰখা উচিত যে, এইসময়ত বিশ্বৰ লগতে ভাৰতে কঠিন সময়ৰ মুখামুখি হৈছে । প্ৰায় ১০০ বছৰৰ আগতে ইনফ্লুৱেঞ্জা মহামাৰীত ভাৰতত ১.৫ কোটিতকৈ অধিক লোকৰ মৃত্যু হৈছিল। কিন্তু বৰ্তমানৰ বিষয় সম্পূৰ্ণ পৃথক ।

আনহাতে, কৰ’না ভাইৰাছ মহামাৰীৰ সংক্ৰমণ কেতিয়া সমাপ্ত হ’ব সেই সন্দৰ্ভত প্ৰশ্নৰ উত্তৰত Fortis Escorts Heart Instituteৰ Chairman ড° অশোক শেঠে কয় যে, “কোনো লোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে । লগতে ভাৰতত ক’ভিডত আক্ৰান্তৰ সংখ্যা প্ৰকাশ কৰি কয় যে, পূৰ্ণ ৰূপত বৃহত্তম ক্ষতিগ্ৰস্ত দেশ হিচাপে ভাৰত আছে দ্বিতীয় স্থানত । কিন্তু জনসংখ্যাৰ পৰিপ্ৰেক্ষিতত মন কৰিলে দেখা যায় ভাৰতত অৱস্থা আনতকৈ ভাল । আমি নিশ্চিত যে, অধিক পৰীক্ষা সম্পন্ন কৰিলে আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাব । যদি পৰীক্ষা সম্পন্ন কৰাৰ বাবে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই । এনেদৰে আমি ৰোগৰ সম্পৰ্কেও অৱগত হ’ম আৰু এই মহামাৰীক পৰাজিত কৰিবও পাৰিম ।”

Exit mobile version