১৫ অক্টোবৰত খোল খাব চিত্ৰগৃহৰ দুৱাৰ : মুক্তিৰ অপেক্ষাত হলিউদ-বলিউদৰ আঠখন বিগ বাজেটৰ ছবি , দৰ্শক আহিব নে ?

WhatsApp Image 2020 10 02 at 4.04.44 PM

সুদীর্ঘ সাতমাহৰ পাছত অৱশেষত অহা ১৫ অক্টোবৰত দেশৰ চিত্ৰগৃহসমূহৰ দুৱাৰ পুনৰ খােল খাব। ক’ভিড-১৯ ভাইৰাছৰ সংক্রমণ দেশত যােৱা মার্চত ধৰা পৰাৰ পাছৰে পৰা তলাবন্ধত সকলােবােৰ চিত্রগৃহ বন্ধ ৰখা হৈছিল। অহা ১৫ অক্টোবৰৰ পৰা ৫০ শতাংশ দর্শকৰে দেশৰ সকলােবােৰ চিত্ৰগৃহ আৰু মাল্টিপ্লেক্স মুকলি কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে অনুমতি দিছে। চলিত বৰ্ষৰ অন্তিম তিনিটা মাহত মুঠ আঠখন বিগ বাজেটৰ ছবিয়ে চিত্রগৃহত মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ।

এই ছবিকেইখন হৈছে সূর্যবংশী, ৮৩, কুলি নম্বৰ ৱান, ন’ টাইম টু ডাই, টেনেট, ডেথ অন দ্য নাইল, ডুনে আৰু লক্ষ্মী ব’ম । ১৫ অক্টোবৰত চিত্ৰগৃহসমূহ মুকলি হােৱাৰ পাছতে পর্যায়ক্রমে আগন্তুক তিনি মাহত বহু প্রতীক্ষিত বিগ বাজেটৰ এই ছবিকেইখন চিত্ৰগৃহত প্রদর্শিত হােৱাৰ সম্ভাৱনা আছে । সূর্যবংশী’ ছবিখন যােৱা ২৩ মার্চত মুক্তি লাভ কৰাৰ কথা আছিল । কৰ’না সংক্ৰমণৰ ফলত ৰােহিত ছেট্টীৰ পৰিচালিত ছবিখনৰ মুক্তি বন্ধ ৰখা হৈছিল।

অক্ষয় কুমাৰ, কেটৰিণা কাঈফ অভিনীত ছবিখন অহা দীপাৱলীত চিত্ৰগৃহত প্রদর্শিত হ’ব । একেদৰে ‘৮৩’ ছবিখন যোৱা এপ্ৰিলতে মুক্তি লাভ কৰাৰ কথা আছিল যদিও আগন্তুক বৰদিনত ছবিখন চিত্ৰগৃহত প্ৰদৰ্শিত হোৱাৰ সম্ভাৱনা আছে। ডেভিড ধাৱনৰ ‘কুলি নম্বৰ ৱান’ ছবিখনো চলিত বৰ্ষৰ অন্তিম ভাগত চিত্ৰগৃহত প্রদর্শিত হ’ব। একেদৰে হলিউডৰ জেমছ বণ্ড ছিৰিজৰ পৰৱর্তী ছবি ন’ টাইম টু ডাই’ৰ মুক্তি অহা নৱেম্বৰত নির্ধাৰণ কৰা হৈছে। এইখন ছবিতে অন্তিমবাৰৰ বাবে জেমছ বণ্ড হিচাপে ভুমুকি মাৰিব ডেনিয়েল ক্রে’গে। কৰ’না সংক্ৰমণৰ বাবে এইখন ছবি মুক্তিও একাধিকবাৰ পিছুৱাব লগা হৈছিল।

ক্রিষ্ট’ফাৰ ন’লানৰ ছবি ‘টেনেট’ৰ মুক্তিও কৰনাৰ সংক্ৰমণৰ ফলত স্থগিত ৰখা হৈছিল আৰু বিশ্বৰ একাংশ দেশত ইতিমধ্যে এইখন ছবি প্রদর্শিত হৈছে। ভাৰতত চিত্ৰগৃহ মুকলি হােৱাৰ লগে লগে ‘টেনেট’ মাল্টিপ্লেক্সত প্রদর্শিত হােৱাৰ সম্ভাৱনা আছে। ৫০ শতাংশ দর্শকৰে চিত্রগৃহত ছবি প্রদর্শনৰ বাবে চৰকাৰে অনুমতি দিলেও পূর্বৰ দৰে চলচ্চিত্র উপভােগ কৰিবলৈ দৰ্শকে ভিৰ কৰিব নে বুলি প্রশ্ন উত্থাপিত হৈছে ।

যদিহে ক’ভিড-১৯ৰ সংক্ৰমণৰ ভীতিত দর্শকে চিত্ৰগৃহত ছবি উপভােগৰ বাবে আগবাঢ়ি নাহে, তেন্তে দেশৰ সৰহসংখ্যক চিত্রগৃহই আগন্তুক সময়তাে বৃহৎ ব্যৱসায়িক লােকচান বহন কৰিব লগা হােৱাটো এক প্ৰকাৰৰ নিশ্চিত। পৰিস্থিতি এনে হ’লে বলিউডৰ চলচ্চিত্র নির্মাণ উদ্যোগে প্রভাৱিত হােৱাটোৱে স্বাভাবিক।

Exit mobile version