- ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ প্ৰেছ বিজ্ঞপ্তি ।
- অসম আৰক্ষীৰ ৫৯৭ টা উপ-পৰিদৰ্শক (ইউ বি) পদত নিযুক্তিৰ বাবে অহা ২২ নবেম্বৰ, ২০২০ তাৰিখে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব । যোৱা ২০ ছেপ্টেম্বৰ, ২০২০ তাৰিখে এই পৰীক্ষা বাতিল কৰা হৈছিল ।
- ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডে এক বিজ্ঞপ্তিত প্ৰাৰ্থীসকলক নিশ্চিতি প্ৰদান কৰি কয় যে, আৰক্ষী নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰা হ’ব ।
- পৰীক্ষাৰ পদ্ধতি সম্পৰ্কীয় বিশদ বিৱৰণ যথা সময়ত আনুষ্ঠানিক জাননীযোগে প্ৰকাশ কৰা হ’ব বুলিও বিজ্ঞপ্তিটোত কোৱা হৈছে।
২২ নৱেম্বৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদর্শকৰ লিখিত পৰীক্ষা
