অক্টোবৰৰ পৰাই ম’বাইল,আয়কৰৰ পৰা মিঠাইলৈ নতুন নিয়ম প্ৰৱৰ্তন

New Rules

দেশৰ বহু ক্ষেত্ৰতে নিয়মৰ পৰিৱৰ্তন সাধন কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷পহিলা অক্টোবৰৰ পৰাই কেন্দ্ৰই ১০ টা নতুন নিয়ম প্ৰৱৰ্তন কৰে ৷গাড়ী চালনা,ম’বাইল ফোনৰ ব্যৱহাৰ,আয়কৰ,মিঠাই আদিত নিয়মৰ কিছু সালসলনি ঘটোৱা হৈছে ।ইয়াৰ ফলত এতিয়াৰ পৰা পোৱা নাযাব প্ৰধানমন্ত্ৰী উজ্জ্বলা ৰন্ধন গেছ আঁচনিৰ বিনামূলীয়া সংযোগ ৷এতিয়াৰ পৰা গাড়ীৰ কাগজ পত্ৰ ৰখাৰ প্ৰয়োজন নহ’ব। বৈধ ছফ্ট কপি লৈয়েই গাড়ী চলাব পাৰিব ।

 

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে ১৯৮৯ ৰ মটৰ ভেহিকল্চ আইনত কেতবোৰ সংশোধন ঘটাইছে। সেই পৰিৱৰ্তন অনুসৰি পহিলা অক্টোবৰৰ পৰাই নিয়মত চালক আৰু যাত্ৰীৰ সুবিধাত গাড়ীৰ ৰক্ষণাবেক্ষণ,চালকৰ অনুজ্ঞাপত্ৰ আৰু ই চালনাৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তিৰ সহায় লোৱা হৈছে ৷ইপিনে গাড়ী চলোৱাৰ সময়ত ম’বাইল ব্যৱহৰ আগৰে পৰাই অবৈধ ৷অৱশ্যে মটৰ ভেহিকল্চ আইনৰ সংশোধনী অনুসৰি চালকসকলে পথ নিৰ্দেশনা লাভৰ বাবে এতিয়াৰ পৰা ম’বাইল ফোনৰ সাহাৰ্য ল’ব পাৰিব ৷ কিন্তু ইয়াৰ কাৰণে যাতে চালকৰ মনঃসংযোগ বিঘ্নিত নহয় ৷তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আনহাতে গাড়ী চলোৱাৰ সময়ত মোবাইলত কথা পাতিব নোৱাৰা নিয়ম বৰ্তমানেও প্ৰযোজ্য হৈ আছে।

 

উল্লেখযোগ্য যে ২০১৬ ৰ দেশৰ সকলো পৰিয়ালে ৰন্ধন গেছ লাভ কৰাৰ উদ্দেশ্য কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা আৰম্ভ কৰিছিল ।কিন্তু এতিয়াৰ পৰা গ্ৰাহকে বিনামূলীয়াকৈ সেই সুবিধা লাভ নকৰিব। অৰ্থাৎহ উজ্জ্বলা গেছৰ সংযোগৰ কাৰণে ধন দিব লাগিব ।পহিলা অক্টোবৰৰ পৰা বৃদ্ধি পালে বিদেশ ভ্ৰমণৰ খৰচ। তাৰ লগতে বিদেশলৈ টকা প্ৰেৰণ কৰিবলৈ পাঁচ শতাংশ কৰ দিব লাগিব৷লক্ষ্যণীয়ভাৱে এতিয়াৰ পৰা মিঠাই বিক্ৰীৰ সময়ত বেষ্ট বিফ”ৰ ইউছ উল্লেখ কৰিব লাগিব। অৰ্থাৎ বিক্ৰেতাই গ্ৰাহকক জনাই দিব লাগিব যে কিমান দিনৰ ভিতৰত সেই খাদ্য ব্যৱহাৰ কৰিব লাগিব। কেন্দ্ৰীয় খাদ্য নিৰাপত্তা আৰু মান নিৰ্ধাৰণ সংস্থা এফএছএছএআইৰ তৰফৰ পৰা এই নিৰ্দেশ জাৰি কৰা হৈছে।

সৰিয়হ তেলত এতিয়াৰ পৰা কোনো ধৰণৰ মিহল নাথাকিব ৷একেবাৰে এশ শতাংশই খাটি সৰিয়হৰ তেল লাভ কৰিব গ্ৰাহকে ৷পহিলা অক্টোবৰৰ পৰাই প্ৰয়োগ কৰা হৈছে টিচিএছ ( টেক্স কালেক্টড ছৰ্চ) ৷১৯৬১ ৰ আয়কৰ আইনত নতুন পৰিচ্ছদ ১৯৪ অ’ যুক্ত কৰা হৈছে ।ইয়াৰ বাবে আয়কৰ দপ্তৰে বিস্তাৰিত নিয়মাৱলীও প্ৰকাশ কৰিছে। এতিয়াৰ পৰা পণ্য বা পৰিসেৱাৰ বিক্ৰয়মূল্যৰ স’তে এক শতাংশ টিচিএছ যুক্ত কৰিব পাৰিব ই কৰ্মাচ সংস্থাসমূহে ৷

Exit mobile version