আজাৰাত এন ডি আৰ এফ আৰু বি এছ এফ ৰ উদ্যোগত গান্ধী জয়ন্তী উদযাপন

ndrf

 

ADVERTISEMENT

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা পাটগাঁওস্থিত সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগ চমুকৈ এন ডি আৰ এফৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত শুক্ৰবাৰে গান্ধী জয়ন্তী উদযাপন কৰা হয়। বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ মহা পৰিদৰ্শক ৰাজেশ কুমাৰৰ তদাৰকত আয়োজিত কাৰ্যসূচীৰ লগত সংগতি ৰাখি ১০ কিঃমিঃ দৌৰ আৰু এক চাফাই অভিযান চলোৱা হয়।

উক্ত কাৰ্যসূচীত প্ৰায় ১৫০ জন বিষয়া-জোৱানে ভাগ লয়। তদুপৰি গুৱাহাটী ফ্ৰণ্টিয়াৰৰ অধীনৰ ছেকটৰ, বেটেলিয়ান আৰু বি অ পিৰ মুখ্য কাৰ্যালয়সমূহটো গান্ধী জয়ন্তী উদযাপন কৰা হয়। আনহাতে প্ৰথম এন ডি আৰ এফ ৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ নেতৃত্বত মুখ্য কাৰ্যালয় চৌহদৰ উপৰি মিৰ্জা, চাংসাৰীকে ধৰি বাহিনীটোৰ আন শিবিৰসমূহত গান্ধী জয়ন্তী উদযাপন কৰা হয়। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বেতকুছিৰ আই এছ বি টি চৌহদত চাফাই অভিযান , মুখ্য কাৰ্যালয় চৌহদত গছপুলি ৰোপণ অভিযান আৰু ১০ কিঃমিটাৰৰ এক দৌৰ উলিওৱা হয় ।

Exit mobile version