আজি বহু চৰ্চিত ৰিয়েলিটী শ্ব’ “বিগ বছ ১৪”ৰ গ্ৰেণ্ড প্ৰীমিয়াৰঃউৎসুক অনুৰাগী

Bigg Boss 1200

আজি কাৰ্লাছত নিশা ৯ বজাত ছলমান খানৰ বহু চৰ্চিত ৰিয়েলিটি শ্ব’ বিগ বছৰ গ্ৰেণ্ড প্ৰীমিয়াৰ অনুষ্ঠিত হ’ব। বিগত বৰ্ষৰ দৰে এইবাৰো ছলমান খানেই বিগ বছ”অনুষ্ঠানৰ আঁত ধৰিব ৷বিগত ১৩ ছিজনৰ দৰে এইবাৰৰ বিগ বছ ১৪ ও যথেষ্ট মনোৰঞ্জনেৰে পৰিপূৰ্ণ হ’ব বুলি আশা কৰিছে অনুষ্ঠানটোৰ অনুৰাগীসকলে ৷

উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ কাৰণে এইবাৰৰ বিগ বছ অনুষ্ঠিত হওতে পলম হৈছে। অৱশ্যে এইবাৰো বিগ বছৰ অত্যাধুনিক বাসগৃহটোক লৈ যথেষ্ট চৰ্চাত আছে। কাৰণ বিগ বছ ১৪ ত চেলুনৰ পৰা আৰম্ভ কৰি ম’ল আৰু ৰেষ্টুৰেণ্টও থাকিব।

আজিৰে পৰা আৰম্ভ হোৱা বিগ বছ সম্প্ৰতি যথেষ্ট চৰ্চাত আছে ৷বিগ বছত অংশ লোৱা প্ৰতিযোগীসকলৰ ভিতৰত আছে ৰুবিনা দিলাইক,অভিনৱ শুক্লা,জেছমিন ভসীন,নিশান্ত সিং মলখানী,ৰাহুল বৈদ্য,ছাৰ্দুল পণ্ডিত,ছেহজাদ দেওল,নিক্কী তামবলি,ছাৰা গুৰপাল,জান কুমাৰ ছানু,পবিত্ৰা পুনিয়া আৰু ৰাধে মা ৷

Exit mobile version