আৰক্ষী-আবকাৰীক মেনেজ কৰি গোলাঘাটত আবাধ গতিত অৰুণাচলী সুৰাৰ চোৰাং বেহা

Excise Department

আৰক্ষী আৰু আবকাৰী বিভাগৰ একাংশ বিষয়াক মেনেজ কৰি কমিশ্যনৰ অংকৰে গোলাঘাট জিলাত অৰুণাচলী সুৰাৰ চোৰাং বেহা চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে যোৱা নিশা গোলাঘাট আৰক্ষীৰ অভিযানত হাতে-লোটে ধৰা পৰে এক চক্ৰ । একে নিশাৰ ভিতৰতে লেবেল সলনিৰে গোলাঘাটত অৰুণাচলী সুৰা হৈ পৰে অসমৰ সুৰা ।

 

যোৱা নিশা গোলাঘাটৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অৰুণাচলী সুৰাৰ লেবেল সলনিৰে ৰমৰমীয়া কলা বেহা চলাই থকা ২ নং শেনচোৱাৰ এটা ঘাটি উৎখাত কৰাৰ লগতে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ গ্ৰেপ্তাৰ কৰে তিনিজন যুৱকক । উদ্বাৰ কৰে এ.এচ.০১ এল. চি-৪৭৮৯ নম্বৰৰ সুৰা ভৰ্তি গাড়ীসহ বহু আপত্তিজনক নথি পত্ৰ । গ্ৰেপ্তাৰ হোৱা যুৱককেইজন হৈছে মেৰাপানীৰ বিমান গগৈ,কছাৰীহাটৰ সঞ্জীৱ কলিতা আৰু ২ নং শেনচোৱাৰ প্ৰিঞ্চ পৰিক্ষীত বৰুৱা ।

অৰুণাচলৰ পৰা সুৰা ক্ৰয় কৰি আনি শেনচোৱাৰ প্ৰিন্স পৰিক্ষীত বৰুৱাৰ ঘৰত অৰুণাচলী সুৰাৰ লেবলৰ ষ্টিকাৰ সলনি কৰি অসমৰ লেবলৰ ষ্টিকাৰ লগাই অধিক দামত বিক্ৰী কৰি বেহা চলাই আহিছিল । আৰক্ষীয়ে AS-01LC-4789 নম্বৰৰ গাড়ীখনত উদ্বাৰ হোৱা কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা আৰু ষ্টিকাৰ। উল্লেখ্য যে, গোলাঘাট জিলাত আবকাৰী আৰু আৰক্ষীৰ একাংশ বিষয়াক মেনেজ কৰি প্ৰভাৱশালী সুৰা মাফিয়াই ৰমৰমীয়া কলা বেহা চলাই যাবলৈ সক্ষম হোৱাৰ অভিযোগ উঠিছে ।

অৰুণাচলৰ পৰা সুৰা কঢ়িয়াই অনা প্ৰতিখন ট্ৰাকে ভুৱা চালান ব্যৱহাৰ কৰি আৰক্ষী আৰু আবকাৰী বিষয়াক প্ৰতিখন সুৰা ভৰ্তি গাড়ীৰ বিপৰীতে নিৰ্দ্ধাৰিত কমিচন দিয়াৰ বাবে সংশ্লিষ্ট সকলোৱেই চকু মুদা কুলিৰ ভূমিকা পালন কৰা বুলিও অভিযোগ উঠিছে । ধৃত যুৱককেইজনক আৰক্ষীয়ে চলোৱা জেৰাৰ কালত কেতবোৰ বিস্ফোৰকৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাই পথৰ আৰক্ষী-আবকাৰী বিভাগৰ বিভিন্ন তালাচী চকী অতিক্ৰম কৰি উজনি অসমৰ গোলাঘাট, যোৰহাট,শিৱসাগৰ,ডিব্ৰুগড় আদিৰ লগতে বিশেষকৈ নাগালেণ্ডৰ ডিমাপুৰলৈ চালান দি আহিছে অৰুণাচলী চোৰা‌ং সুৰা ।

অৰুণাচলী সুৰাৰ চোৰাং মাফিয়া চক্ৰই সৰবৰাহ কৰা প্ৰতিখন চোৰাং সুৰা ভৰ্তি ট্ৰাক অনায়াসে অতিক্ৰম কৰাৰ বাবদ আৰক্ষী-আবকাৰীৰ একাংশ বিষয়াক নিয়মীয়াভাৱে নিৰ্দ্ধাৰিত পৰিমাণৰ কমিচন আদায় দি অহাৰ বাবেই এনে চোৰাং বেহা চলাবলৈ সক্ষম হোৱা বুলি চৰ্চিত হৈ আহিছে । শেহতীয়াভাৱে অৰুণাচলৰ পৰা সৰু -সৰু গাড়ীত অৰুণাচলী সুৰা অসমলৈ আনি একাংশ অসাধু লোকে বৃহৎ কলা বজাৰ গঢ়ি তুলিছে গোলাঘাট জিলাত ।ইফালে আজি গ্ৰেপ্তাৰ কৰা তিনিজন যুৱকক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Exit mobile version