কাৰ্বি আংলঙৰ ডিলাইত আৰক্ষীৰ সাফল্য ছয় কোটি টকাৰ য়ুব টেবলেট জব্দ

drugs

আৰক্ষীৰ উপৰ্যুপৰি অভিযানৰ পাছতো মণিপুৰৰ পৰা অসমৰ মাজেৰে অব্যাহত থকা নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ বন্ধ হোৱা নাই ৷ আজি বোকাজান মহকুমাৰ ডিলাইত আৰক্ষীৰ তালাচী চকীত মণিপুৰৰ পৰা ডিমাপুৰৰ মাজেৰে গুৱাহাটীলৈ অহা এম.এন.৭৬৩২ নম্বৰৰ এখন ট্ৰাকৰ পৰা সাতান্নবৈ হাজাৰটা নিষিদ্ধ য়ুব টেবলেট জব্দ কৰাৰ লগতে চালকসহ দুজনক আটক কৰে ৷ আটকাধীন দুজন হ’ল ক্ৰমে মণিপুৰৰ থাউবলৰ ৰমিকান্ত সিং আৰু কাকছিংৰ বীকেন সিং ৷

বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়া মতে ট্ৰাকখনৰ গোপন কক্ষত দহটা চাউলৰ বেগত এই বৃহৎ পৰিমাণৰ টেবলেটখিনি আনিছিল৷যাৰ আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ছয়কোটি টকা ৷ উল্লেখযোগ্য যে বিগত কিছুদিনত কাৰ্বি আংলং আৰক্ষীয়ে কে’বাকোটি টকাৰ ড্ৰাগছ জব্দ কৰি অভূতপূৰ্ব সফলতা অৰ্জন কৰি আহিছে ৷

গোপন সূত্ৰৰ ভিত্তিত ডিলাইত উক্ত ট্ৰাকখন তালাচীত নেতৃত্ব প্ৰদান কৰিছিল বৰপথাৰ আৰক্ষী চক্ৰ বিষয়া ভূপেন কলিতা , ডিলাই থানাৰ আৰক্ষী বিষয়া জিতেন গগৈ আৰু লাহৰীজান আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ্বল গগৈয়ে ৷

Exit mobile version