নিৰ্ভয়াৰ পাছত অধিবক্তা সীমা সমৃদ্ধিয়ে ন্যায় প্ৰদান কৰিব হাথৰছ পীড়িতাৰ পৰিয়াল

seema samridhi

২০১২ৰ বহু চৰ্চিত নিৰ্ভয়া কাণ্ডৰ অপৰাধীক মৃত্যুদণ্ডৰ শাস্তি প্ৰদানত আইনজীৱী হিচাপে সফলতা অৰ্জন কৰা উত্তৰ প্ৰদেশৰ অধিবক্তা সীমা সমৃদ্ধি কুশবাহাই এইবাৰ হাথৰছত দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বলি হোৱা দলিত সম্প্ৰদায়ৰ যুৱতীৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে আগবাঢ়ি আহিল ।সীমাই প্ৰকাশ কৰা মতে তেওঁ আইনজীৱী হিচাপে কোনো পাৰিশ্ৰমিক অবিহনে পীড়িতাৰ পৰিয়ালক এই গোচৰত ন্যায় প্ৰদান কৰিবলৈ চেষ্টা চলাব।

সীমাই হাথৰছ কাণ্ডৰ পীড়িতাৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে যাত্ৰা কৰাৰ সময়তে জিলা প্ৰশাসনে অধিবক্তাগৰাকীক বাধা প্ৰদান কৰে ৷প্ৰশাসনৰ বিষয়াৰ স’তে অধিবক্তাগৰাকীৰ এক বাকযুদ্ধ হৈছিল আৰু এই ঘটনাৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হয় ।সংবাদ মাধ্যমৰ আগত সীমাই প্ৰকাশ কৰা মতে “তেওঁ হাথৰছ কাণ্ডৰ পীড়িতাৰ পৰিয়ালক আইনী সাহায্য আগবঢ়াব আৰু ইয়াৰ বাবে তেওঁ কোনো পাৰিশ্ৰমিক গ্ৰহণ নকৰে।

উল্লেখযোগ্য যে দিল্লীৰ নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ হত্যাকাণ্ডৰ গোচৰত অধিবক্তা সীমাৰ এই গোচৰত ওকালতিতে দাখিলৰে চাৰি অভিযুক্তক ফাচিকাঠত ওলমাবলৈ সফল হৈছিল ৷দিল্লীৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী সীমাই ২০১৪ ত উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল। সীমা উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ বাসিন্দা যদিও বৰ্তমানে তেওঁ বিহাৰৰ বোৱাৰী ৷

Exit mobile version