পল্টনবজাৰ আৰক্ষীৰ জালত দুই মোবাইল চোৰ

123

 

পল্টনবজাৰ আৰক্ষীয়ে আজি দুই মোবাইল চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মহানগৰীৰ বিশাল মেগা মাৰ্টৰ পৰা আৰক্ষীয়ে ধৃত চোৰ দুটাক গ্ৰেপ্তাৰ কৰে। চোৰ দুটা ক্ৰমে মিজানুৰ ৰহমান আৰু মজিবুৰ ৰহমান বুলি আৰক্ষীয়ে জানিবলৈ দিছে। চোৰ দুটাৰ পৰা ২০ টা চুৰি মোবাইল ফোনসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। উল্লেখ্য যে, চোৰ দুটাই মেঘালয়ৰ পৰা আহি গুৱাহাটীত বাহৰ পাতি আছিল। মহানগৰীত সংঘটিত বিভিন্ন চুৰিকাণ্ডৰ লগত এই দুই চোৰ জড়িত থকাৰ সন্দেহ আৰক্ষীৰ। ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Exit mobile version