বহুধাবিভক্ত আঞ্চলিকতাবাদী দলে ৰাষ্ট্ৰীয় দলক সহায় কৰিবঃ প্ৰমোদ বড়ো

789

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠন হোৱা “” ৰাইজৰ দল ” ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োয়ে ৷ আজি বাকসা জিলাৰ মুছলপুৰত উপস্থিত হৈ প্ৰমোদ বড়োই নৱগঠিত আঞ্চলিকতাবাদী ৰাজনৈতিক দল” ৰাইজৰ দল” ক শুভেচ্ছা প্ৰদান কৰি কয় যে কি উদ্যেশ্য লৈ তেওঁলোকে ৰাজনৈতিক দল গঠন কৰিছে সেয়া তেওঁ অৱগত নহয় ৷

কিবা গোপন পলিচি থাকিব পাৰে ৷ কিন্তু বহুধা বিভক্ত আঞ্চলিকতাবাদী দলে ৰাষ্ট্ৰীয় দলক ক্ষতি কৰাৰ সলনি সহায়হে কৰিব ৷ ৰাষ্ট্ৰীয় দলক বহু বেছি ক্ষতি কৰিব বুলি মই নাভাবো ৷

অৱশ্যে ৰাষ্ট্ৰীয় দলক ক্ষতি কৰিবলৈ হ’লে বহুধাবিভক্ত আঞ্চলিকতাবাদী দলসমূহ একত্ৰিকৰণ হ’ব লাগিব বুলি মন্তব্য কৰে তেওঁ ৷ তেওঁ কয়, গণতন্ত্ৰ শক্তিশালী কৰাৰ বাবে জাতি জনগোষ্ঠীৰ ভেদভাৱ পাহৰি সকলো ওলাই আহক ৷ অঞ্চলৰ নিৰাপত্তাৰ বাবে সকলোৱে ৰাজনীতি কৰক ৷ কিন্তু চিন্তাধাৰা গঠনমূলক হ’ব লাগে ৷

ইফালে বিটিচি পৰিষদীয় নিৰ্বাচন সম্পৰ্কত ৰাজ্যপালৰ শাসনৰ ম্যাদ সমাপ্ত নহওতেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক দাবী কৰে প্ৰমোদ বড়োই ৷ তেওঁ কয়, দীৰ্ঘদিন ৰাজ্যপালৰ শাসনত থাকিলে জনপ্ৰতিনিধিৰ যোগদান নাথাকিব ৷ গতিকে এই ব্যৱস্থাটো ভাল নহ’ব ৷ অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যপালৰ শাসনৰ বিৰোধীতা কৰি আদালতৰ কাষ চাপিলেও কাম নহ’ব ৷ এইবাৰ বি টি আৰ বিৰোধিতা কৰিও পুনৰ মুখথেকেচা খাব বুলি মন্তব্য কৰে ৷

তেওঁ কয়, বিগত সোতৰ বছৰে বিপিএফে বিভিন্ন জাতি জনগোষ্ঠীক যি নায্যতা দিব লাগিছিল হাগ্ৰামাই তেনে পদক্ষেপ নল’লে ৷ সেয়ে ৰাইজৰ মাজত ক্ষোভ হৈছে ৷ তৃতীয় বড়ো শান্তি চুক্তি সোনকালে ৰূপায়ণ হ’ব লাগে ৷ বি টি আৰ সম্পূৰ্ণ সাংবিধানিক ব্যৱস্থা ৷ চুক্তি ৰূপায়ণৰ জৰিয়তে যদি হাগ্ৰামা মহিলাৰীৰ ভেটিত কঁপনি উঠিছে তেন্তে মই তেওঁক সহায় কৰিব নোৱাৰো ৷
ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োই বিটিচি পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা তামুলপুৰ আৰু কোকলাবাৰী দুয়োটা সমষ্টিতে বিপুল সংখ্যক ভোটত জয়ী হ’ব বুলি দাবী কৰে ৷

Exit mobile version