বিপিএফৰ প্ৰাৰ্থী তথা প্ৰাক্তন সভাপতি তথা বিটিআৰ চুক্তি স্বাক্ষৰকাৰী বি ছাউৰাইগ্ৰাৰ দেহৰক্ষী প্ৰত্যাহাৰ

IMG 20201003 WA0061

বিটিআৰ চুক্তি স্বাক্ষৰকাৰীসকলৰ মাজত ৰাজনৈতিক বিভাজনৰ ফলতে সৃষ্টি হৈছে নিৰাপত্তাহীনতাৰ । আজি এন ডি এফবি(ছা)ৰ প্ৰাক্তন সভাপতি,বিপিএফৰ ১৩নং চিৰাং সমষ্টিৰ প্ৰাৰ্থী বি ছাউৰাইগ্ৰা(ছাইকং বসুমতাৰী ওৰফে অমৰ বসুমতাৰী)য়ে চিৰাং জিলাৰ বামুনগাঁওৰ ডাংসিবাৰীস্থিত নিজৰ ঘৰতে আয়োজন কৰে এক সংবাদ মেলৰ ।

সংবাদ মেলাত ছাউৰাইগ্ৰাই হঠাৎ কোনো কাৰণ নোহোৱাকৈ দেহৰক্ষী কৰ্তন কৰাক লৈ ক্ষোভ প্ৰকাশ কৰে বিটিআৰ শান্তি চুক্তিকাৰী নেতাজনে।ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ নেতা গৰাকীৰ৷ তেওঁ কয় যে কালি হঠাতেই কোনো নিৰ্দেশনা নোহোৱাকৈ মোৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকে। তেখেতে মোক সোধপোছৰ নামত অকাৰণতে হাৰাশাস্তি কৰিছে । সংবাদমেলত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনৰ বিৰুদ্ধে মানসিক হৰাশাস্তি চলোৱাৰ অভিযোগ নেতা গৰাকীৰ৷

তেওঁ সংবাদমেলত স্পষ্ট কৰি কয় “হয় মই এটা সময়ত এনডিএফবিৰ সভাপতি আছিলো আৰু সকলো সদস্যই মোৰ কথা অনুসৰি চলিছিল । কিন্তু চুক্তি স্বাক্ষৰিত হোৱাৰ পিচত আমাৰ সংগঠন আনুষ্ঠানিক ভাৱে ভংগ কৰা হৈছে । সদস্যসকলক কোনো ধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই। তেওঁলোকৰ থকাৰো কোনো ঠাই নোহোৱা হৈছে । প্লাষ্টিকৰ পলিথিনেৰে ঘৰ নিৰ্মাণ কৰিছে বহুতে। বড়ো জাতিৰ মুক্তিৰ বাবে হাতত অস্ত্ৰ তুলি লোৱা এইসকল সদস্যই বৰ্তমান দিন হাজিৰা কৰিয়ো চলি আছে।

এতিয়া মই তেওঁলোকক কোনো নিৰ্দেশনা দিব নোৱাৰো। তেওঁলোক এতিয়া মোৰ আওতাত নাই। এতিয়া যিকোনো লোক অসামাজিক কাৰ্যকলাপত জড়িত থাকিব পাৰে । মইয়ো বিচাৰো অসামাজিক কাৰ্যকলাপত জড়িত সকলৰ বিৰুদ্ধে ব্যৱস্থা লওক প্ৰশাসনে তাত মোৰ ক’বলগীয়া নাই। মই শান্তি বিচাৰো বাবেই আজি অস্ত্ৰ এৰি শান্তি আৰু উন্নয়নৰ স্বাৰ্থত চৰকাৰৰ সৈতে আলোচনাত বহিছো আৰু এতিয়া সামাজিক কাৰ্যত জড়িত হৈ আছো ।সেয়ে মই বিচাৰো কোনো অশান্তিৰ সৃষ্টা যাতে নকৰে প্ৰশাসনে । কালি হঠাতেই মোৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে । ইয়াত মোৰ কিবা হ’লে প্ৰশাসনে দায়ী হ’ব লাগিব সংবাদ মাধ্যমক এই দৰে জনায় ছাউৰাইগ্ৰাই।

ইয়াত নিশ্চিতভাৱে ৰাজনৈতিক ষড়যন্ত্ৰ জড়িত আছে নহ’লে আমাৰ সৈতে প্ৰশাসনৰ বহু ভাল সম্পৰ্ক আছিল । হঠাতে মই কিদৰে বেয়া হলো যে মোৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে । শান্তি চুক্তিৰ পিচতে মই দেহৰক্ষী লাভ কৰিছিলো । কালি দেহৰক্ষী উঠাই লোৱাত মই তেওঁলোকৰ ওচৰত নিৰ্দেশনা কি আছে সেয়া বিচাৰিছিলো । ছাউৰাইগ্ৰাই কয় “মই পাছত শীৰ্ষ বিষয়াৰে যোগাযোগ কৰি জানিব পাৰো যে দেহৰক্ষী প্ৰত্যাহাৰ কৰা সন্দৰ্ভত কোনো ধৰণৰ নিৰ্দেশনা নাই l

 

নিৰ্দেশনা নোহোৱাকৈ কি দৰে দেহৰক্ষী প্ৰত্যাহাৰ কৰিলে সেয়া ৰহস্যজনক বুলি কয় নেতাজনে ইপিনে এনডিএফবি(ছা)ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বৰ্তমান ইউপিপিএল দলৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বি আৰ ফেৰেঙ্গা ওৰফে ৰঞ্জিত বসুমতাৰীৰো ব্যাক্তিগত দেহৰক্ষী যোৱা নিশা প্ৰত্যাহাৰ কৰিছে । ফেৰেঙ্গাৰ দেহৰক্ষী প্ৰত্যাহাৰ কৰাৰ পিচত নিৰাপত্তাহীনতাত পৰিছে ইউপিপিএল দলৰ প্ৰাৰ্থীজন । অৱশ্যে এই বিষয়ে তেওঁৰ সৈতে যোগাযোগ কৰাত দেহৰক্ষী প্ৰত্যাহাৰৰ কথা স্বীকাৰ কৰিলেও অইন কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে বি আৰ ফেৰেঙ্গা ।

এইখিনিতে উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আৰু বগ্ৰিবাৰীৰ পৰা পৃথকে পৃথকে দুটা অপহৰণৰ ঘটনা সংঘটিত হৈছিল ।এই ঘটনাত এন ডি এফ বিৰ সদস্যৰ লগতে অন্য কিছু লোক জড়িত থকা বুলি জানিব পৰা গৈছে । এই ধৰনৰ বিভিন্ন অসামাজিক ঘটনাৰ পৰাই হয়তো প্ৰশাসনে দেহৰক্ষী প্ৰত্যাহাৰ কৰিছে বুলি ধাৰণা কৰা হৈছে । দুয়োজন নেতা পৃথক দুটা ৰাজনৈতিক দলৰ প্ৰাৰ্থী । নিৰ্বাচন অনুষ্ঠিত নোহোৱাত তেওঁলোকৰ দেহৰক্ষী প্ৰত্যাহাৰৰ বিষয়টো ব্যাপক চৰ্চা লাভ কৰিছে । এই ক্ষেত্ৰত নিৰ্বাচন আয়োগৰ কোনো নিৰ্দেশনা আছে নে নাই সেয়াও জানিব পৰা হোৱা নাই ।

Exit mobile version