বিবাহৰ প্ৰস্তাৱৰ বিনিময়ত প্ৰেমিকাৰ পদাঘাত

wedding postponed 759

1141906797

পাত্ৰ-পাত্ৰী উভয়েই বিবাহৰ বাবে ৰাজি।তৎসত্বেও বিবাহৰ প্ৰস্তাৱ দিবলৈ গৈ প্ৰেমিকাৰ পদঘাত সহ্য কৰিবলগীয়া হ’ল লণ্ডনৰ এজন যুৱকে ।সম্প্ৰতি উক্ত ঘটনাৰ এক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে ।থিঅ’ ছেন্ট’নাছ নামৰ এজন লোকে নিজৰ টুইটাৰ একাউণ্টত উক্ত ভিডিঅ’ প’ষ্ট কৰিছে ।ভিডিঅ’ত দেখা গৈছে নদীৰ বুকুত নাৱৰ ওপৰত এজন যুৱকে এগৰাকী যুৱতীক বিবাহৰ প্ৰস্তাৱ দিবলৈ আগুৱাই গৈছে।যুৱতীৰ কাষ পোৱাৰ লগে লগে পকেটৰ পৰা এটা আঙুঠি উলিয়াই যুৱতীক বিবাহৰ প্ৰস্তাৱ দিয়ে ।

যুৱতীয়ে সন্মতি প্ৰদান কৰাৰ পাছত দুয়ো পৰস্পৰক চুম্বনৰ বাবে কিছু সমীপলৈ যায় আৰু তেতিয়াই বিপত্তি ঘটে ।ভিডিঅ’ত দেখা গৈছে যে যুৱতী থকা নাওখন ক’তো বান্ধি থোৱা নাছিল ।পানীত ভাহি অলপ অলপকৈ নাওখন আগুৱাই আহিছিল।সেয়া হয়তো প্ৰণয় -যুগলে লক্ষ্য কৰা নাছিল।থিয় হৈ চুম্বন কৰাৰ সময়তে নাওখন সামান্য আঁতৰি যায় আৰু যুৱতীয়ে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি নাৱৰ ওপৰতে বাগৰি পৰে ।

লগতে তেওঁৰ এখন ভৰিয়ে পোনেই গৈ আঘাত কৰে প্ৰেমিকৰ মুখমণ্ডলত ।ফলত যুৱকেও ভাৰসাম্য ৰাখিব নোৱাৰি নাৱৰ পৰা সৰি পানীত পৰে ।দুয়োৰে বিবাহৰ প্ৰস্তাৱৰ স্মৰণীয় মুহূৰ্ত কেমেৰাবন্দী কৰাৰ বাবেই নিশ্চয় কোনো বন্ধু বা আত্মীয়ই নদীৰ পাৰৰ পৰা উক্ত ভিডিঅ’ সংগ্ৰহ কৰি আছিল। এই ঘটনাটো ভাইৰেল হয় আৰু প্ৰায় ডেৰ লক্ষাধিক লোকে প্ৰত্যক্ষ কৰে ।

Exit mobile version