ক’ভিড১৯ ৰ ভেকচিন তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ কাৰণে অনুমতি বিছাৰিছে ড° ৰেড্ডীয়ে

vaccin

হাইদৰাবাদস্থিত ড° ৰেড্ডীৰ লেবটৰীয়ে ৰাছিয়াৰ ক’ভিড ১৯ ভেকচিন স্পুটনিক 5ক ভাৰতত মানৱ শৰীৰত তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ কাৰণে অনুমতি বিচাৰি Drugs Controller General of India ত আবেদন কৰিছে ৷

আনহাতে ভাৰতৰ ফাৰ্মা কোম্পানীয়ে Russian Direct Investment Fundৰ লগত ভেকচিন বিতৰণৰ সন্দৰ্ভত একত্ৰিত হৈছে। কোম্পানীটোৱে বিগত মাহত সদৰী কৰিছিল যে Drugs Controller General of India ৰ পৰা মঞ্জুৰী পোৱাৰ পিছত RDIFৰ চিকিৎসক ৰেড্ডীয়ে ১০ কোটি ভেকচিনৰ ড’জ প্ৰেৰণ কৰিব ৷

উল্লেখযোগ্য যে বিগত ২৪ ঘন্টাত ভাৰতত কৰ’নাত আক্ৰান্ত হৈছে ৭৯,৪৭৬ জন ।ইয়াৰ লগে লগে কৰ’নাত আক্ৰান্তৰ সংখ্যা ৬৪,৭৩,৫৪৪ গৰাকী লৈ বৃদ্ধি পাইছে।

Exit mobile version