চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ লগতে বিভিন্ন দাবীৰে অসম চাহ মজদূৰ সংঘৰ তিনিদিনীয়া কাৰ্যসূচী

Assam Tea

আজি ডিব্ৰুগড়স্থিত অসম মজদূৰ সংঘৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সভাকক্ষত সংঘৰ সভাপতি পৱন সিং ঘাটোৱাৰ সভাপতিত্বত চাহ শ্ৰমিকসকলৰ কে’বাটাও বিষয়ক সন্দৰ্ভত বিতংকৈ আলোচনা হয়। ইয়াৰ ভিতৰত অসমৰ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাকে ধৰি অন্যান্য কে’বাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

লগতে ২৯ ছেপ্টেম্বৰৰ পৰা তিনিটা পৰ্যায়ত সংঘৰ দাবীসমূহৰ এলানি শান্তিপূৰ্ণ গণতান্ত্ৰিক আন্দোলনো গঢ়ি তোলা হয় । আনহাতে চাহ শ্ৰমিকসকলে চাহ শ্ৰমিকৰ দৈনিক বেতন ৩৫১ টকালৈ বৃদ্ধি কৰা,ক্ষুদ্ৰ চাহ বাগিচাসমূহত নিয়োজিত শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণ কৰা মাটিসহ শ্ৰমিকসকলক মাটিৰ পট্টা প্ৰদান কৰা,চাহ জনগোষ্ঠীৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিয়া,চাহ বাগিচাৰ শ্ৰমিক বিদ্যালয়সমূহ তৎকালে চৰকাৰীকৰণ কৰা,চাহ জনগোষ্ঠীৰ ১১২ টা জাতি উপজাতিৰ সকলোকে অনুসূচিত জনজাতিকৰণ কৰা,চাহ জনজাতিসকলক স্বায়ত্ত্ব শাসিত প্ৰদান কৰা,চৰকাৰৰ প্ৰতিশ্ৰুতি মতে চাহ বাগিচা অঞ্চলত হাইস্কুল স্থাপন কৰা ,অসম চাহ নিগমৰ শ্ৰমিক সকলে পাব লগা বকেয়া মজুৰি আদায় দিয়া আদি বিভিন্ন দাবী উত্থাপন কৰে৷

কিন্তু এইসমূহ বিষয়ত অসম চৰকাৰৰ কৰণীয় যদিও সংঘৰ বহু দিনীয়া দাবীৰ পিছতো চৰকাৰৰ তৰফৰ পৰা সমাধানত কোনো ধৰণৰ গুৰত্ব নিদিয়াৰ কাৰণে তিনিদিনীয়া আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Exit mobile version