প্ৰধানমন্ত্ৰী মোডীয়ে উদ্বোধন কৰিলে বিশ্বৰ সৰ্বাধিক দৈৰ্ঘ্যৰ সুৰংগ

Modi cm meeting 1

আজি প্ৰধানমন্ত্ৰী মোডীয়ে ৰোহতাংগত উদ্বোধন কৰিলে বিশ্বৰ সৰ্বাধিক দৈৰ্ঘ্যৰ সুৰংগ।প্ৰাক্তন প্ৰধানমন্ত্ৰী মন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত নিৰ্মাণ কৰা এই দীৰ্ঘতম সুৰংগটোৰ নাম অটল সুৰংগ। “অটল সুৰংগ’ নামেৰে নামাকৰণ কৰা এই সুৰংগটিৰ দৈৰ্ঘ্য ৯.০২ কিলোমিটাৰ। এই সুৰংগটো নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হৈছিল ১০ বছৰ ৷

হিমাচলপ্ৰদেশৰ পঞ্জাল ক্ষেত্ৰত সমুদ্ৰপৃষ্ঠৰ পৰা ১০ হাজাৰ ফুট উচ্চতাত থকা এই সুৰংগটি বহু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে।এই সুৰংগটিয়ে মনালীৰ পৰা লেহলৈ ৪৬ কিলোমিটাৰ পথ হ্ৰাস পাব।আনহাতে উদঘাটনৰ পাছত সুৰংগটোৰে ১৫ জন জ্যেষ্ঠ যাত্ৰীৰে এখন বাছেৰে প্ৰথম যাত্ৰাৰ আমোদ লয় ।মনালীক লেহৰ সৈতে সংযোগ কৰা এই সুৰংগটি সম্পূৰ্ণ বছৰটো ২৪ ঘন্টাই খোলা থাকিব।

এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কয় “আজি কেৱল অটল জীৰে সপোন পূৰণ হোৱা নাই ।আজি হিমাচল প্ৰদেশৰ লোকসকলৰ দশকজোৰা অপেক্ষাৰ অন্ত পৰিছে। মোৰ সৌভাগ্য যে মই অটল সুৰংগক উদঘাটন কৰিব পাৰিছো “

আনহাতে মনালীক লেহৰ সৈতে সংযোগ কৰা এই সুৰংগটি সম্পূৰ্ণ বছৰটো ২৪ ঘন্টাই খোলা থাকিব। পূৰ্বতে অতিমাত্ৰা বৰফৰ কাৰণে যোগাযোগত ব্যাঘাত জন্মায়।

Exit mobile version