কৰ’নাত আক্ৰান্ত ট্ৰাম্পৰ প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে উত্তেজনা

trump

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৷

কিন্তু সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ অত্যন্ত উদ্বেগজনক অৱস্থাৰ মাজেৰে পাৰ কৰিছে ট্ৰাম্পে ৷এই কথা জানিবলৈ দিছে হোৱাইট হাউছৰ চীফ অফ ষ্টাফ মিডোজে।

হোৱাইট হাউছৰ চীফ অফ ষ্টাফ মিডোজে অৱশ্যে জানিবলৈ দিছে যে ট্ৰাম্পৰ সামান্য কৰ’না ভাইৰাছৰ লক্ষণ আছে। সামৰিক হাস্পাতলৰ পৰা আহ্বান কৰা সংবাদমেলত ট্ৰাম্পৰ শাৰীৰিক অৱস্থা সম্পৰ্কে অৱগত কৰা হয়।

ট্ৰাম্পক অক্সিজেন দিয়া হৈছিল নে নাই তাক লৈয়ো অস্পষ্টতা দেখা গৈছে। ৰাষ্ট্ৰপতিগৰাকী কেতিয়াৰ পৰা অসুস্থ হৈছিল সেই বিষয়েও কোনো মন্তব্য কৰা হোৱা নাই।

উল্লেখযোগ্য যে ট্ৰাম্পৰ চিকিৎসক কোনলিয়ে কয়,’’ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ যি উন্নতি ঘটিছে তাত এই মুহূৰ্তত আমি অত্যন্ত আনন্দিত।‘’

Exit mobile version