ছালফাৰ সহায়ত নেপাললৈ পি কে

WhatsApp Image 2020 10 04 at 10.27.14 AM

আত্মসমৰ্পণকাৰী আলফা ছত্ৰছায়াত নেপালত আত্মগোপন কৰিছে আৰক্ষী নিযুক্তি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম খলনায়কৰূপে চিহ্নিত অৱসৰপ্ৰাপ্ত আৰক্ষী উপ পৰিদৰ্শক প্ৰশান্ত কুমাৰ দত্তই ৷ চোৰাংচোৱা সন্থাই এই তথ্য নিশ্চিত কৰাৰ পাছতে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰিত বাহৰ পাতি থকা চি আই ডিৰ দলে নেপাললৈ ৰাওনা হোৱাৰ প্ৰস্তুতি চলাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা এই সন্দৰ্ভত প্ৰয়োজনীয় অনুমতি লাভ কৰিলেই চি আই ডিৰ দলটো চুবুৰীয়া ৰাষ্ট্ৰখনলৈ ৰাওনা হ’ব ।

চোৰাংচোৱা সূত্ৰই জনোৱা মতে আৰক্ষীৰ উপপৰিদৰ্শক পদৰ বাবে আয়োজিত প্ৰশ্ন কাকত ফাদিল ঘটনাত নাম সাঙোৰ খাই পৰাৰ পাছতে কনিষ্ঠ সহযোগী ডিব্ৰুগড়ৰ বৰপথাৰৰ ভাইৰ বাহনেৰে ২৩ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ শিলিগুৰি অভিমুখে ৰাওনা হয়। প্ৰাক্তন ডি আই জি দত্তই ৷ সিদিনা নিশাটো শিলিগুৰিৰ হোটেল পাৰ্ক হেভেনৰ ২১৬ নম্বৰ কোঠাত বাহৰ পতা দত্তই জোঁৱায়েকৰ লগত চুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈ ৰাওনা হয় । ইয়াৰ পাছৰে পৰা চোৰাংচোৱা সংস্থাই দত্তৰ জোঁৱায়েকৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰ গতি বিধিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে যদিও এই সম্পৰ্কত উদ্ধাৰ হোৱা নাই কোনো নিৰ্দিষ্ট তথ্য । আন বাদেই দত্তই এই পৰ্যন্ত বেংক একাউণ্টৰ পৰা ATM ৰ জৰিয়তে ধনৰ লেনদেন কৰা নাই বুলি সূত্ৰটোৱে জনায় ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্যকালত উগ্ৰপন্থী বিৰোধী অভিযানৰ ক্ষেত্ৰত তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়া দত্তই সক্ৰিয় ভূমিকা গ্ৰহণ কৰে ৷ইয়াৰ সুবাদতে ৰাজ্যৰ ভালেসংখ্যক আত্মসমৰ্পণকৰী আলফাৰে দত্তৰ বৃদ্ধি পায় ঘনিষ্ঠতা। সংশ্লিষ্টসকলৰ কে’বাজনো ছালফাই বৰ্তমানে নেপালত বাহৰ পাতি বিভিন্ন ব্যৱসায়েৰে জড়িত হৈ আছে ৷ এনে একাংশ ছালফাৰ ছত্ৰছায়াতে সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত প্ৰাক্তন ডি আই ডিজনে আত্ম গোপন কৰি থকাৰ তথ্য লাভ কৰা বুলি সূত্ৰটোৱে জনায় । প্ৰশ্নকাকত ফাদিল কৰা চক্ৰটোৰ অন্যতম অভিযুক্তৰূপে চিহ্নিত হোৱা পি কে দত্তৰ সন্ধানত অভিযান চলোৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে অনুমতি দিলেও চি আই ডিৰ অভিযানকাৰী দলটোৱে সফল সম্ভাৱনা তেনেই ক্ষীণ বুলি স্বয়ং আৰক্ষী বিভাগেৰে উচ্চস্তৰীয় সূত্ৰই আঙুলিয়াই দিয়ে ৷

ফলত চি আই ডিৰ দলটো যোৱা বাটে উভতিলেও আচৰিত হ’ব লগীয়া নাই বুলি সূত্ৰটোৱে জনায়। এই সম্পৰ্কত সূত্ৰটোৱে জনোৱা মতে আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে কটুক্তি কৰা পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ সন্ধানত যোৱা অসম আৰক্ষীক কোনো ধৰণৰ সহযোগ নকৰিলে পশ্চিমবংগ আৰক্ষীয়ে। কেৱল ৰাজনৈতিক কাৰণত অসম আৰক্ষীৰ দলক সহায় নকৰিলে মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ আৰক্ষীয়ে। নেপাললৈ পলায়নৰ ক্ষেত্ৰত ব্যক্তিগত বাহনেৰে শিলিগুৰিত থৈ অহা পি কে দত্তৰ অন্যতম ঘনিষ্ঠ সহযোগী তিনিজন পুনৰ গ্ৰেপ্তাৰ কৰিছে চি আই ডিয়ে ৷

যোৱা নিশা ডিব্ৰুগড়ৰ বৰপথাৰ আৰু জীৱন নগৰত অভিযান চলাই চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তদ্বয় হৈছে ক্ৰমে দীপক গগৈ আৰু প্ৰিয়নাথ গগৈ ৷আৰক্ষী উপপৰিদৰ্শক পদত নিযুক্তিৰ নামত উৎকোচ আদায় দিয়া চাকৰি প্ৰত্যাশী ছাবিৰ আহমেদক বিচাৰি যোৱা নিশা চি আই ডিৰ অভিযানকাৰী এটা দলে মহানগৰীৰ নটবমাৰ ১১৭ নম্বৰ বাসগৃহত অভিযান চলাই। বৰ্তমানে আত্মগোপন কৰি থকা নটবমাৰ যুৱকজন এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পুত্ৰ । ইয়াৰ সুবাদতে পি কে দত্তই চাকৰি দিয়াৰ নামত যুৱকজনৰ পিতৃৰ পৰা নগদ ধন লোৱাৰ তথ্য লাভ কৰা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version