দিল্লীৰ বৃহত্তম ক’ভিড কেয়াৰ চেণ্টাৰত ৰোগীসকলৰ সুবিধাৰ্থে কৰা হৈছে যোগাসনৰ ব্যৱস্থা

WhatsApp Image 2020 10 04 at 12.33.41 PM

ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ দ্বাৰা পৰিচালিত ক’ভিড কেয়াৰ চেণ্টাৰৰ ক’ভিড আক্ৰান্ত ৰোগীসকলে দিনটোৰ আৰম্ভণি কৰিছে যোগব্যায়ামেৰে । সীমান্ত আৰক্ষীয়ে শ্বেয়াৰ কৰা এক ভিডিঅ’ত ৰোগীসকলে দূৰত্ব মানি চলি মাস্ক পৰিধান কৰি বিভিন্ন ধৰণৰ যোগাসন কৰা দেখিবলৈ পোৱা গৈছে ।

ITBP ৰ দ্বাৰা পৰিচালিত চৰ্দাৰ পেটেল ক’ভিড কেয়াৰ চেণ্টাৰ আৰু চিকিৎসালয়ত সম্প্ৰতি ১,২০০ তকৈ অধিক ৰোগী চিকিৎসাধীন অৱস্থাত আছে । উল্লেখ্য যে, এই পৰ্যন্ত চিকিৎসাৰ অন্তত পাঁচ হাজাৰতকৈও অধিক ৰোগীক ডিচাৰ্জ দিয়া হৈছে ।

আনহাতে, আজি পুৱা দেশত বিগত২৪ ঘণ্টাত নতুনকৈ ৭৫,৮২৯ জন আক্ৰান্ত হোৱাৰ পাছত কৰ’না আক্ৰান্তৰ সংখ্যাই ৬৫ লাখৰ সংখ্যা অতিক্ৰম কৰে। আৰু ১.০১ লাখতকৈ অধিক মৃত্যু হয় । দেশৰ ৰাজধানীত ২,৮৭,৯৩০ জন লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰে ভিতৰত ২৫,২৩৪ জন লোক চিকিৎসাধীন হৈ আছে আৰু প্ৰায় ২.৫ লাখ জন ৰোগী সুস্থ হৈ উঠিছে । আনহাতে, ৫,৫০০ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ।

Exit mobile version