পাঞ্জাৱত ৰাহুল গান্ধীৰ ট্ৰেক্টৰ ৰেলী

gurmeet

কৃষি আইনক কৰ’না মহামাৰীৰ সময়ত গৃহীত কৰাৰ প্ৰয়োজন কি আছিল?আজি পাঞ্জাৱত কৃষি আইনৰ বিৰোধিতা কৰা কৃষকসকলৰ মাজত চৰকাৰক এই প্ৰশ্ন কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে ৷ লগতে ৰাহুল গান্ধীয়ে কৃষকসকলক কয় যে মই আপোনালোকক কথা দিছো যে কংগ্ৰেছ চৰকাৰ শাসনলৈ আহিলে এই আইনখনক ডাষ্টবিনত পেলাই দিয়া হ’ব ৷

ইপিনে ৰাহুল গান্ধীয়ে কৃষি আইনৰ বিৰোধিতাৰে তিনিদিন ট্ৰেক্টৰ ৰেলী কৰিব পাঞ্জাৱত৷

কৃষি আইনৰ বিষয়ে ৰাহুল গান্ধীৰ মত ” যদি আপোনাক আইনখনক গৃহীত কৰিবলৈ মন আছে। তেন্তে প্ৰথমতে আপুনি আইনখনৰ বিষয়ে ৰাজ্যসভা আৰু লোকসভাত আলোচনা কৰিব লাগিব৷

এই আইনখনক লৈ যদি প্ৰত্যেকজন কৃষক সুখী তেন্তে সমগ্ৰ দেশে ইয়াৰ বিৰোধিতা কিয় কৰিছে। পাঞ্জাৱত প্ৰত্যেকজন কৃষকে ইয়াৰ বিৰোধিতা কিয় কৰিছে?

এই আইনখনে কৃষকক প্ৰতাৰণা কৰিছে ।এই আইনৰ জৰিয়তে ২৩ জন কোটিপতিৰ দৃষ্টি এতিয়া কৃষকৰ মাটি আৰু ভূমিৰ ওপৰত ৷

লগতে ৰাহুলে পাঞ্জাৱত হাথৰছৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰে ৷ৰাহুলে কয় “যিসমূহে যুৱতীগৰাকীক নিৰ্যাতন কৰি হত্যা কৰিলে তেওঁলোকৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই। পীড়িতাৰ পৰিয়ালক ঘৰতে বন্দী কৰি থোৱা হৈছে ৷ভাৰতত এইয়াই হয় ।অপৰাধীৰ একো নাই। পীড়িতাই শাস্তি লাভ কৰে৷

Exit mobile version