প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ কৃষিকৰ্মৰে চিৰাঙৰ এজন আদৰ্শ কৃষক

dragon fruit 1296x728 feature

প্ৰধান মন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ কৃষি কৰ্মৰে আত্মনিৰ্ভৰ এজন সফল আদৰ্শ কৃষক। ছ’চিয়েল মিডিয়া,ইউ টিউবৰ (Youtube) সু ব্যৱহাৰ কৃষকজনৰ । ইউ টিউবে সলনি কৰিলে চিৰাঙৰ এই গৰাকী খেতিয়কৰ জীৱন৷ ড্ৰেগন ফ্ৰুইট খেতিৰে কৃষি বিপ্লৱ আনিছে ইয়াচিন আলী নামৰ এই গৰাকী আদৰ্শ কৃষকে৷ ড্ৰেগন খেতিৰ উপৰিও উন্নত জাতৰ বগৰী,লেচু,কল আৰু পাঁচ বিঘাৰ এটা পুখুৰিত মাছৰ খেতিৰ লগতে পান,তামোল, উন্নত মানৰ ধানৰ খেতি কৰি পৰিচয় দিছে অনন্য ৰূপত৷ দুই শিক্ষিত পুত্ৰক সহযোগী হিচাপে লৈ জিলাখনৰ এক নং দাউখানগৰৰ ইয়াচিন আলীৰ খেতিৰ ন ন চিন্তা ৷

বায়ফ্লগ পদ্ধতিৰে ( টেংকৰ ভিতৰত) মাছৰ খেতি কৰাৰ পৰিকল্পনা এই গৰাকী কৃষকৰ৷ চিৰাং জিলাৰ এক নং দাউখানগৰৰ আৰ্দশ খেতিয়ক ইয়াচিন আলীয়ে দেখুৱাইছে কৃষিকৰ্মত আদৰ্শ ৷ সৰুৰে পৰা বিভিন্ন কৃষি কৰ্মৰ স’তে জড়িত আছিল তেওঁ৷ এই গৰাকী কৃষকে পুৰণি কলিয়া কৃষি পদ্ধতিৰ সলনি কৰি নতুন চিন্তাৰে বৈজ্ঞানিক পদ্ধতিত নতুন খেতিৰ বাবে ব্যৱহাৰ কৰে ছচিয়েল মিডিয়া,ইউ টিউব৷ চাৰি বছৰ আগতে ইউ টিউবত লাভ কৰে ড্ৰেগন ফ্ৰুইটৰ খেতিৰ বিষয়ে৷ আৰু ইউ টিউবৰ যোগে শিক্ষা লৈ,গুজৰাটৰ পৰা ড্ৰেগনৰ পুলি আনি প্ৰায় দুই বিঘা মাটিত ড্ৰেগন ফ্ৰুইটৰ খেতি কৰি এক অন্য মাত্ৰাৰ পৰিচয় দিছে এই গৰাকী চিৰাং জিলাৰ কৃষক ইয়াচিন আলীয়ে৷ প্ৰতি কিলোগ্ৰাম ড্ৰেগনৰ ৪০০/ টকা দৰত ঘৰৰ পৰাই সংগ্ৰহ কৰি ব্যৱসাযী সকলে ৷

আনহাতে কেজিত ৬০০ টকাকৈ বিক্ৰী কৰিছে চিৰাং আৰু বঙাইগাঁও জিলাৰ বিভিন্ন বজাৰত৷এজোপা ড্ৰেগন গছে প্ৰায় ১৪/১৫ মাহৰ পিছত ফল লগাৰ লগতে এজোপাই বছেৰেকত ২০/ ৩০ কেজি ফল দিযে বুলি জানিব দিয়ে খেতিয়ক গৰাকীয়ে৷ এই গৰাকী কৃষকে ফলৰ লগতে ড্ৰেগনৰ পুলিও বিক্ৰী কৰি যথেষ্ট টকা অৰ্জন কৰা বুলি জনায়৷ ড্ৰেগন খেতিৰ লগতে চিৰাঙৰ এই গৰাকী খেতিয়কে উন্নত জাতৰ বগৰী,লিচু,কল খেতি, পুখুৰি ত মাছৰ খেতি কৰি অহাৰ উপৰিও পান,তামোল,উন্নত মানৰ ধান খেতি কৰি আহিছে ৷

যুৱ প্ৰজন্মক কৃষি কৰ্ম তথা খেতিৰ প্ৰতি আগ্ৰহী হ’বলৈ আহবান কৰাৰ লগতে কৃষি বিপ্লৱৰ দ্বাৰাহে অৰ্থনৈতিক বিপ্লৱ সম্ভব বুলি কয় এই জন আদৰ্শ কৃষকে ৷ আগ্ৰহী শিক্ষিত নিবনুৱাই ইচ্ছা কৰিলে বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ ইচ্ছা প্ৰকাশ কৰে কৃষক জনে । তেওঁৰ যুৱ প্ৰজন্মক আহ্বান জনায় চাকৰি বিচাৰক কিন্তু তাৰ লগতে কৃষিতো সময় দিয়ক । চৰকাৰৰ পৰা কোনো ধৰণৰ ঋণ নোলোৱাকৈ তথা কৃষি বিভাগৰ সহায় নোলোৱাকৈ এইজন কৃষক সফল ৰূপে নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে এইজন কৃষকে ৷

Exit mobile version