বিগ বছৰ ১৪ ত অংশ লৈয়েই বিতৰ্কৰ মাজত ছাৰা গুৰপাল

j5tcjas sara

শনিবাৰে বিগ বছ ১৪ ৰ প্ৰীমিয়াৰত প্ৰতি গৰাকী চেলিব্ৰেটিক অত্যন্ত ৰাজকীয়ভাৱে আদৰা হয়।অনুষ্ঠানটোৰ আঁত ধৰোঁতা ছলমান খান,সিদ্ধাৰ্থ শুক্লা,হিনা খান আৰু গহৰ খানে প্ৰতি গৰাকী হাইপ্ৰফাইল চেলিব্ৰিেট্ৰিৰ লগত পাৰ্যমানে ৰসাল কথাৰে দৰ্শকক আমোদ দিয়ে ৷

কিন্তু বিগ বছ ১৪ ত আহিয়েই বিতৰ্কৰ মাজত সোমাই পৰিছে গায়িকা ছাৰা গুৰপাল। কাৰণ পাঞ্জাবী গায়ক তুষাৰ কুমাৰে দাবী কৰিছে যে ২০১৪ ত তেওঁৰ বিয়া হৈছিল ছাৰা গুৰপালৰ স’তে ৷কেৱল সেয়াই নহয় তুষাৰে ছাৰা লগত বিবাহ পাশত আৱদ্ধ হোৱা চাৰ্টিফিকেটো ৰাজহুৱা কৰে ৷

তুষাৰৰ মতে “আমি ২০১৪ ৰ ১৬ আগষ্টত পঞ্জাৱৰ জলন্ধৰত বিবাহ পাশত আৱদ্ধ হৈছিলো। অৱশ্যে বিবাহৰ পঞ্জীয়ন পত্ৰত যুৱতীগৰাকীৰ নাম ৰচনা দেৱী বুলি লিখা আছে।

পাঞ্জাৱী গায়ক তুষাৰ কুমাৰৰ অনুসৰি ’মোক সকলোৱে মেছেজ কৰি ছাৰা বিষয়ে সুধি আছে ।কিন্তু ছাৰাৰ দাবী যে এইয়া তেওঁ নহয় ৷কেৱল দেখাতহে একেই। তুষাৰৰ অভিযোগ যে ছাৰাই কেৱল জনপ্ৰিয়তা পাবলৈ তেওঁৰ লগত বিয়া হৈছিল। কিন্তু বিয়াৰ পাছত সেই জনপ্ৰিয়তা মই নাপালো কাৰণে তেওঁক ছাৰাই এৰি দিলে। গতিকে তুষাৰৰ এই প্ৰতিক্ৰিয়াৰ পাছত ছাৰাৰ কি প্ৰতিক্ৰিয়া হ’ব সেয়া হ’ব লক্ষ্যণীয় ।

উল্লেখযোগ্য যে এইবাৰৰ বিগ বছ ১৪’ত অংশ লোৱা সকলৰ ভিতৰত আছে ৰুবিনা দিলাইক,অভিনৱ শুক্লা,জেছমিন ভসীন,নিশান্ত সিং মলখানী,ৰাহুল বৈদ্য,ছাৰ্দুল পণ্ডিত,ছেহজাদ দেওল,নিক্কী তামবলি,ছাৰা গুৰপাল,জান কুমাৰ ছানু,পবিত্ৰা পুনিয়া।

Exit mobile version