ভাৰতত অহা জুলাই মাহত ২৫ কোটি লোকক ভেকচিন দিয়াৰ পৰিকল্পনা কৰা হৈছে : কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী

harsh vardhan health minister pti

ক’ভিড ভেকচিনক লৈ দেশৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে । এই সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ হৰ্ষবৰ্ধনে দেওবাৰে জনায় যে, চৰকাৰে দেশৰ ১৩০ কোটি জনতাৰ ভিতৰত প্ৰায় ২৫ কোটি লোকক ২০২১ৰ জুলাইত ক’ভিড ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছে।

লগতে কয় যে, এই উদ্দেশ্যে চৰকাৰে ৪০০ ৰ পৰা ৫০০ মিলিয়ন ভেকচিনৰ ডোজ লাভ কৰিব । ভেকচিন সংগ্ৰহ কেন্দ্ৰীয় ভাৱে কৰা হ’ব । তালিকাৰ প্রথমতে চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডৰ স্বাস্থ্যকর্মীকে ধৰি নাৰ্ছ, চেনিটেৰী ষ্টাফ, আশাকর্মী, কৰ’না আক্ৰান্ত ৰোগীক চোৱা-চিতা কৰা, টেষ্ট কৰাসকলক অন্তৰ্ভুক্ত কৰা হ’ব । চৰকাৰে ভাৰতীয় ভেকচিন প্ৰস্তুতকাৰী সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।

ভাৰতত তিনিটা ভেকচিনৰ প্ৰস্তুত কৰা হৈছে। ইয়াৰে ভিতৰত এটা হৈছে ‘কোভিশ্বিল্ড’ । যিটো অক্সফোৰ্ড আৰু এষ্ট্ৰাজেনেকাই যুটীয়াভাৱে প্ৰস্তুত কৰিছে । উল্লেখ্য যে, ৭৩.৮ লাখতকৈ অধিক আক্ৰান্তৰে কৰ’না আক্ৰান্তৰ তালিকাত প্ৰথম স্থানত আছে আমেৰিকা । আনহাতে, বিগত ২৪ ঘন্টাত ভাৰতত ৭৫ হেজাৰ নতুনকৈ আক্ৰান্ত হোৱাৰ ঘটনাৰ তথ্য পোহৰলৈ আহিছে ।

Exit mobile version