মেৰাপানীত নৃশংস হত‍্যাকাণ্ড

janmat Muder

মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত সৰুপানী পঞ্চায়তৰ বিশ্ৰাম পুৰ গাঁৱত আজি পুৱা সংঘটিত হোৱা এক নৃশংস হত‍্যাকাণ্ডই সমগ্ৰ মেৰাপানীতেই তীব্ৰ চাঞ্চল‍্যৰ সৃষ্টি কৰিছে । তথ‍্য মতে , বিশ্ৰাম পুৰ গাঁৱৰ নিবাসী কান্দুৰা কুৰ্মী (৬৫) আৰু তেওঁৰ পত্নী সৰুমাই কুৰ্মীক (৫৫) একে গাঁৱৰে তথা প্ৰতিবেশী চিমচৰণ বাৰ্গ (৩৫) নামৰ এজন বিবাহিত যুৱকে নিজ ঘৰতে নৃশংসভাৱে দাৰে ঘপিয়াই হত‍্যা কৰে৷

বিগত দিন ধৰি কান্দুৰা কুৰ্মী আৰু চিমচৰণৰ মাজত ভূমি সংক্ৰান্তীয় বিষয়ক লৈ সংঘাতৰ সৃষ্টি হৈ আহিছিল । আজি পুৱা কান্দুৰা আৰু তেওঁৰ পত্নীয়ে শুই উঠি ঘৰৰ দৰ্জা খুলোতেই চিমচৰণে দাৰে ঘপিয়াই দুয়োকে হত‍্যা কৰে ।এই ঘটনা দেখি ভিতৰত থকা বোৱাৰীয়ে দৌৰি পলাই জীৱন ৰক্ষা কৰে৷প্ৰতিবেশী ৰাইজে এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে কান্দুৰা কুৰ্মীৰ পুত্ৰ ফুৰিবলৈ যোৱাত ঘৰত বৃদ্ধা দাম্পতি আৰু বোৱাৰী ঘৰত আছিল ।

সেই সুযোগ লৈ চিমচৰণে হত‍্যাকাণ্ড সংঘটিত কৰিলে৷ইপিনে ঘটনাৰ খবৰ পোৱাৰ লগে লগে মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও হত‍্যাকাৰী ঘটনা সংঘটিত কৰি পলাই যাবলৈ সক্ষম হয় । বৰ্তমান মেৰাপানী আৰক্ষীয়ে মৃতদেহ দণ্ডাধীশৰ উপস্থিতত ঘটনাস্থলীৰ পৰা আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়াৰ লগতে হত‍্যাকাৰী কৰায়ত্বৰ বাবে সন্ধান চলোৱা বুলিয়ো আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে৷

Exit mobile version