সুতৰ ওপৰত সুত ৰেহাইৰ সিদ্ধান্ত কেন্দ্ৰৰ

Nirmala Sitharaman 1589366001

ঋণগ্রস্তলৈ বৃহৎ সকাহ কঢ়িয়াই কেন্দ্রীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায় যে দুই কোটি পর্যন্ত ঋণ আদায়ৰ ক্ষেত্ৰত সুতৰ ওপৰত সুত ৰেহাই দিবলৈ সাজু কেন্দ্র । মধ্যমীয়া, ক্ষুদ্র আৰু অতিক্ষুদ্র (এম এছ এম ই) উদ্যোগে গ্ৰহণ কৰা ঋণৰ ক্ষেত্ৰত এই সুত ৰেহাই দিয়া হ’ব । শৈক্ষিক, গৃহ নির্মাণ, উপভােক্তা সামগ্রী, গাড়ীৰ ঋণ আদিৰ ক্ষেত্ৰত এই সুতৰ ৰেহাই দিয়া হ’ব । ইয়াৰ দ্বাৰা মধ্যমীয়া, ক্ষুদ্র আৰু কুটিৰ উদ্যোগলৈ আহিল বৃহৎ সকাহৰ বতৰা । তলাবন্ধৰ সময়ত ঋণ আদায়ৰ স্থগিতকৰণ (মৰেটৰিয়াম)ৰ সময়ছােৱাত দুই কোটি টকা পর্যন্ত ঋণৰ ক্ষেত্ৰত কিস্তিৰ ওপৰত অতিৰিক্ত কোনাে সুত আদায় দিব নালাগে ঋণগ্রস্তই । এই অতিৰিক্ত ব্যয় বহন কৰিব কেন্দ্রই ।

‘অতিমাৰীৰ সময়ত চৰকাৰৰ বাবে একমাত্র সিদ্ধান্ত হৈছে ঋণ ৰেহাইৰ বােজা বহন কৰাটো ।’ এক শপতনামাত চৰকাৰে এইদৰে কয়। বিত্ত মন্ত্রণালয়ৰ মতে ইয়াৰ ফলত বেংকৰ ওপৰত বৃহৎ বােজা পৰিব । তলাবন্ধৰ সময়ত ছমাহৰ বাবে ঝণৰ কিস্তি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল কেন্দ্রই । এই মর্মে কিস্তি স্থগিত কৰি দিয়ে বহু বেংকে, কিন্তু কিছুদিন পূর্বে আদালতত এক গােচৰ ৰুজু কৰা হয় আৰু অভিযােগ কৰা হয় যে ছমহীয়া কিস্তিত সুতৰ ওপৰত সুত আদায় বিচাৰিছে বেংকে ।

ইয়াকে লৈ আদালতে বেংক আৰু কেন্দ্রক কঠোৰভাৱে প্রশ্ন কৰে, আনকি তিৰস্কাৰাে কৰে । বেংকসমূহে কয় যে, এই বিশাল পৰিমাণৰ কিস্তিৰ সুত ৰেহাই সম্ভৱ নহয় তেওঁলােকৰ পক্ষে । কেন্দ্রক সমস্যা সমাধানৰ নির্দেশ দিয়ে সর্বোচ্চ আদালতে। আৰম্ভণিতে কেন্দ্রই ৰেহাই সম্ভৱ নহ’ব বুলি কৈছিল । ইয়াৰ পাছত প্রাক্তন মহাগাণনিক (কেগ) ৰাজীৱ মেহৰিদিৰ নেতৃত্বৰ পেনেলৰ পৰামর্শ মতে চৰকাৰে স্থিতি সলনি কৰে ।

Exit mobile version